danewsplus.com
danewsplus.com

মীন খণ্ডৰ সফলতাৰ বাবে এন এফ ডি বিয়ে অসমক প্ৰদান কৰে তিনিটাকৈ বঁটা

0 382

ডিজিটেল ডেস্ক: হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ (এন এফ ডিবি) তৰফৰ পৰা অসম মীন বিভাগে লাভ কৰিলে তিনিটাকৈ বঁটা।বঙাইগাঁও জিলাক শ্ৰেষ্ঠ পাহাৰীয়া জিলা হিচাপে পুৰস্কৃত কৰা হৈছে।এই বঁটাত এখন প্ৰমাণপত্ৰ, ৩ লাখ টকাৰ চেক, এখন শ্বল আৰু এটা স্মাৰক প্ৰদান কৰা হ’ব।

ইয়াৰোপৰি পাহাৰীয়া আৰু উত্তৰ-পূবৰ শ্ৰেষ্ঠ কৃষকৰ পুৰস্কাৰ লাভ  কৰে অনুপ কুমাৰ শৰ্মাই। এই বঁটাত এখন প্ৰমাণপত্ৰ, ২ লাখ টকাৰ চেক, এখন শ্বল আৰু এটা স্মাৰক আছে।

তদুপৰি “কালং-কপিলী সমবায় সমিতি লিমিটেড, কামৰূপ (মেট্ৰ’)”ক শ্ৰেষ্ঠ মীন সমবায় সমিতি হিচাপে বিবেচিত কৰা হৈছে। এই বঁটাত এখন প্ৰমাণপত্ৰ, ২ লাখ টকাৰ চেক, এখন শ্বল আৰু এটা স্মাৰক আছে।

বিশ্ব মীন পালন দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ভূৱনেশ্বৰৰ উৰিষ্যা সচিবালয়ৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

মীন, পৰিৱেশ আৰু বন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বঙাইগাঁও জিলাৰ বিজয়ী মীন বিষয়াসকলক সন্মানীয় বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.