danewsplus.com
danewsplus.com

শুকুৰবাৰে দ্বিতীয়খন T20ত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

0 417

ডিজিটেল ডেস্কঃ ৰাঁচীত শৃংখলা জয়ৰ লক্ষ্যৰে দ্বিতীয়খন T20ত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া ৷ জয়পুৰত অনুষ্ঠিত প্ৰথমখন T20ত জয়েৰে আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো ৷ ইফালে অধিনায়কৰূপে প্ৰথমখন আন্তৰাষ্ট্ৰীয় মেচত জয় অৰ্জন কৰাত উৎফুল্লিত অধিনায়ক ৰোহিত শৰ্মা ৷

তদুপৰি টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱা ৰাহুল দ্ৰাবিড়েও দলৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰিছে ৷ যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে শৃংখলা দখল কৰিব বুলি আশাবাদী ভাৰতীয় ক্ৰিকেট অনুৰাগী৷ ইফালে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে T20 শৃংখলাৰ পৰা বিৰতি লৈছে ৷

আনহাতে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনেও টেষ্ট শৃংখলাত অধিক মনোনিবেশ কৰাৰ উদ্দেশ্যে T20ৰ পৰা বিৰতি লৈছে৷ আন্তৰাষ্ট্ৰীয় T20 ক্ৰিকেটত ১৮বাৰৰ মুখামুখিত নিউজিলেণ্ডে ৯ বাৰ আৰু ভাৰতে ৮ বাৰ জয়লাভ কৰিছে৷ ইয়াৰে এখন মেচ অমীমাংসিত হৈছে ৷

Leave A Reply

Your email address will not be published.