danewsplus.com
danewsplus.com

কেনেকৈ সমাধান হ’ব ভৰলুমুখৰ যানজঁটৰ সমস্যা?

0 222

গুৱাহাটীৰ ভিতৰতে যানজঁট সৃষ্টিৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এটা বিশেষ অঞ্চল হ’ল ভৰলুমুখ৷ এই ভৰলুমুখতে ব্ৰহ্মপুত্ৰৰ ওপৰত অসম চৰকাৰে নিৰ্মাণ কৰি আছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী উৰণীয়া সেঁতু৷ কিন্তু নিৰ্মীয়মাণ এই অত্যাধুনীক সেঁতুখনকলৈ সন্তুষ্ট নহয় ভৰলুপৰীয়া ৰাইজ৷ কিয়নো সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে যানজঁটৰ সমস্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে সকলোৱে৷ যাৰ বাবে সকলোৱে সন্ধান কৰিছে আন এক বিকল্পৰ৷ অৱশ্যে ইয়াৰ বাবে প্ৰস্তুত হৈ উঠিছে আন এক অভিনৱ প্ৰকল্পৰ আৰ্হি৷

ভৰলুপাৰত নিৰ্মীয়মান গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ‘Y’ আকৃতিৰ সেঁতুৱে লাঘৱ কৰিব নোৱাৰে গুৱাহাটীৰ ভৰলুপাৰৰ যানজঁট৷ দলংখন সম্পূৰ্ণ হৈ উঠিলে বৃদ্ধিহে পাব যানজঁটৰ সমস্যা৷


নতুন প্ৰকল্প হাতত লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ ভৰলুপাৰৰ নাগৰিক সমিতিৰ
জ্যেষ্ঠ অভিযন্তা জে এন খাটনিয়াৰে প্ৰস্তুত কৰিলে বিকল্প উপায়৷
পদূম পুলৰ আৰ্হিত এলিভেটেড জংচন নিৰ্মাণৰ পোষকতা অধিবক্তা খাটনিয়াৰৰ


গুৱাহাটী মহানগৰৰ যানজঁটৰ সমস্যা কোনো নতুন কথা নহয়৷ মহানগৰখনক ট্ৰেফিক জামৰ পৰা মুক্ত কৰিবলৈ বিগত সময়ছোৱাত বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে শাসকীয় পক্ষই৷


ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে কেইবাখনো অত্যাধুনিক উৰণীয়া সেঁতু


গুৱাহাটী মহানগৰৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ অত্যধিক যানজঁট হোৱা এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল হ’ল ভৰলুমুখ অঞ্চল৷ গুৱাহাটীৰ ভিতৰতে যানজঁট সৃষ্টিৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এই ভৰলুমুখক যানজঁটৰ পৰা মুক্ত কৰিবলৈ ইতিমধ্যে নিৰ্মিয়মাণ অৱস্থাত আছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী উৰণীয়া সেঁতু৷ কিন্তু নিৰ্মীয়মাণ এই অত্যাধুনীক সেঁতুখনকলৈ সন্তুষ্ট নহয় ভৰলুপৰীয়া ৰাইজ৷ কিয়নো সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে যানজঁটৰ সমস্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে সকলোৱে৷ যাৰ বাবে সকলোৱে সন্ধান কৰিছে আন এক বিকল্পৰ৷ অৱশ্যে ইয়াৰ বাবে প্ৰস্তুত হৈ উঠিছে আন এক অভিনৱ প্ৰকল্পৰ আৰ্হি৷


জ্যেষ্ঠ অভিযন্তা জে কে খাটনিয়াৰে প্ৰস্তুত কৰিছে পদূম ফুলৰ আৰ্হিত এলিভেটেড জংচনৰ প্ৰকল্প

ইতিমধ্যে এই নতুন প্ৰকল্পৰ আৰ্হিক সমল হিচাপে লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে জে কে খাটনিয়াৰৰ নেতৃত্বত এটা নাগৰিকৰ দলে৷


কি আছে অভিযন্তা খাটনিয়াৰৰ নতুন প্ৰকল্পটোত
কেনেকৈ সমাধান হ’ব ভৰলুমুখৰ যানজঁটৰ সমস্যা?


অভিযন্তা খাটনিয়াৰে দা নিউজ প্লাছক জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে এই নতুন প্ৰকল্পৰ আৰ্হি৷ আশা কৰা হৈছে অভিযন্তা খাটনিয়াৰে প্ৰস্তুত কৰা এই পদুম ফুলৰ আৰ্হিৰ এলিভেটেড জংচন সঁচাকৈয়ে যদি নিৰ্মাণ হৈ উঠে তেনেহ’লে নিশ্চিতভাৱে বহু পৰিমাণে লাঘৱ হ’ব সদাব্যস্ত ভৰলুমুখৰ যানজঁটৰ সমস্যা৷

Leave A Reply

Your email address will not be published.