danewsplus.com
danewsplus.com

ধৰ্মেন্দ্ৰ হৈছে আটাইতকৈ ধুনীয়া দেখনিয়াৰ পুৰুষ : ছলমান খান

0 171

ধৰ্মেন্দ্ৰ হৈছে আটাইতকৈ ধুনীয়া চেহেৰাৰ পুৰুষ : ছলমান খান

ডিজিটেল ডেস্ক : বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানে Colors TV-ত সম্প্ৰচাৰিত হৈ থকা ‘দ্য বিগ পিকচাৰ’ নামৰ এটা অনুষ্ঠানত উপস্থিত থাকি কয় যে,ধৰ্মেন্দ্ৰ হৈছে আটাইতকৈ ধুনীয়া দেখনিয়াৰ পুৰুষ।

জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰে আঁতধৰা অনুষ্ঠান ‘দ্য বিগ পিকচাৰ ‘-ত ছলমানে কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰক প্ৰশংসা কৰি কয় যে,তেওঁ সদায় নিষ্পাপ মুখৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক অনুসৰণ কৰি আহিছে। ইয়াৰ পাছতেই অনুষ্ঠানৰ আঁত ধৰোতা ৰণবীৰ সিঙেও ধৰ্মেন্দ্ৰক ‘Macho man’ বুলি আখ্যা দিয়ে।

ধৰ্মেন্দ্ৰই বিষয়টো অৱগত হোৱাৰ পাছতেই উক্ত অনুষ্ঠানৰ এই কথা-বতৰাৰ কিয়দাংশ ইতিমধ্যে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰিছে। আৰু লগতে প্ৰবীণ অভিনেতা গৰাকীয়ে চলমান খানক ধন্যবাদ জ্ঞাপন কৰি সুখী আৰু সুস্বাস্থ্যকৰ জীৱনৰ এক শুভেচ্ছা বাণী প্ৰদান কৰিছে।

উল্লেখনীয় যে, ধৰ্মেন্দ্ৰ আৰু ছলমান খানক একমাত্ৰ ‘Pyar Kiya Toh Darna Kya’ নামৰ বলিউদৰ জনপ্ৰিয় চিনেমাখনত একেলগে দেখা গৈছিল। অন্যহাতে, ৰণবীৰ সিঙে পৰিচালক কৰণ জোহাৰৰ ‘Rocky Aur Rani Ki Prem Kahani’ নামৰ আহিবলগীয়া এখন চিনেমাত ধৰ্মেন্দ্ৰৰ সৈতে একেখন পৰ্দাত অভিনয় কৰিব।

Leave A Reply

Your email address will not be published.