danewsplus.com
danewsplus.com

ভাইৰেল হৈছে নীতা আম্বানীৰ এখন বিশেষ ফটো

0 678

ডিজিটেল ডেস্ক: ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী হৈছে বিশ্বৰ অন্যতম বিশিষ্ট ব্যৱসায়ী মহিলা। নীতা আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পত্নী। চছিয়েল মেডিয়াত ভাইৰেল হৈছে নীতা আম্বানীৰ এখন বিশেষ  ফটো।

ফটোখনত নীতা আম্বানীয়ে এক বিশেষ বটলৰ পৰা সেৱন কৰিছে পানী। ২০১৫ চনৰ আই পি এলৰ এখন পুৰণি ফটো ৰূপান্তৰিত কৰা হৈছে। ফটোখনত তেওঁ আটাইতকৈ ব্যয়বহুল বটলৰ পৰা পানী খাই আছে। কিন্তু ফটোখন প্ৰকৃততে ফটোশ্বপহে কৰা হৈছে। ৰিলায়েন্সৰ মালিকানাধীন মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল খেলৰ সময়ত আম্বানী তেওঁৰ দলক উৎসাহিত কৰিবলৈ উপস্থিত আছিল। য’ত তেওঁক নিয়মীয়া ডিচপোজেবল প্লাষ্টিকৰ বটলৰ পৰা পানী খোৱা দেখা গৈছিল। আৰু সেইখন ফটোকে ৰূপান্তৰিত কৰা হৈছে।

ফটোখন আটাইতকৈ ব্যয়বহুল পানীৰ বটলৰ একুৱা দি ক্ৰিষ্টালো ট্ৰিবুটো এ মোডিগ্লিয়ানি সৈতে সলনি কৰা হৈছে।যাৰ মূল্য 750 মিলি লিটাৰ বটলত 60,000 ডলাৰ। ২০১০ চনত এই পানীৰ বটলটোৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত আটাইতকৈ ব্যয়বহুল পানীৰ বটল হিচাপে অভিলেখ গঢ়িছিল।

Leave A Reply

Your email address will not be published.