danewsplus.com
danewsplus.com

বৰফৰ সন্ধানত পুনৰ চন্দ্ৰত অৱতৰন কৰিব নাছাই

0 572

ডিজিটেল ডেস্ক : নাছাই পুনৰ এটা নতুন চন্দ্ৰ অভিযানৰ বাবে প্ৰস্তুতি চলাইছে। ইতিমধ্যে আনুষ্ঠানিক ভাৱে অৱতৰনৰ স্থান ঘোষণা কৰিছে নাছাই। লোনাৰ ড্ৰিল নামৰ এটা ৰবটিক লেণ্ডাৰ শ্যাকলটন ক্ৰেটৰ (Shackleton Crator) ৰ ওচৰৰ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ প্ৰেৰণ কৰা হ’ব। লেণ্ডাৰটোৱে নাছাৰ প’লাৰ ৰিচ’ৰ্চেছ আইচ-মাইনিং এক্সপেৰিমেন্ট’ (প্ৰাইম-1) মিছন কঢ়িয়াই নিব, যিটো ২০২২ চনৰ শেষৰ ফালে উৎক্ষেপন কৰা হ’ব।

উল্লেখনীয় যে,ইয়াৰ দ্বাৰা নাছাই চন্দ্ৰত বৰফৰ সন্ধানত খনন কাৰ্য চলাব আৰু মাইক্ৰ’নোভা নামৰ এটা সৰু ৰবটে প্ৰাইম-1 ক স্থানান্তৰৰ বাবে অনুমতি দিব। চন্দ্ৰৰ দক্ষিণ মেৰু পৃষ্ঠৰ তলৰ ভাগত বৰফ থকাৰ সম্ভাৱনা আছে বুলি নাছাই ধাৰণা কৰিছে। সৌৰশক্তি চালিত লেণ্ডাৰ আৰু পোলেডে দক্ষিণ মেৰুত অৱস্থানৰ বাবে ১০ দিনৰ অভিযান সম্পূ্ৰ্ণ কৰিব। উল্লেখ্য যে, প্ৰথম গভীৰ চন্দ্ৰ অভিযান ২০২২ চনত আৰম্ভ হ’ব। ইতিমধ্যে মুঠ ৯খন দেশে ১৫ টা চন্দ্ৰ অভিযানৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলস্বৰূপে, আগন্তুক বছৰত চন্দ্ৰ অম্বেষণ অতি ৰোমাঞ্চকৰ হ’ব।

Leave A Reply

Your email address will not be published.