danewsplus.com
danewsplus.com

ইজিপ্তত সন্ধান পোৱা গৈছে প্ৰাচীনতম সূৰ্য্য মন্দিৰ

0 529


ডিজিটেল ডেস্ক: ইজিপ্তত বিচাৰি পোৱা গৈছে এটা ৪,৫০০ বছৰ পুৰণি সূৰ্য মন্দিৰ। প্ৰত্নতাত্ত্বিকসকলৰ মতে এয়া এই দশকৰ ভিতৰত ইজিপ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।

এই কথা প্ৰকাশ কৰে পোলেণ্ড একাডেমী অৱ ছায়েন্স ইনষ্টিটিউট ফৰ মেডিটেৰেনিয়ান এণ্ড অৰিয়েণ্টেল কালচাৰৰ সহকাৰী অধ্যাপক আৰু মিছনৰ সহকাৰী সঞ্চালক মেচিমিলিয়ানো নুজোলোৱে। ইয়াৰ আগতে ইজিপ্তত ফাৰো শাসকসকলৰ আৰু দুটা সূৰ্য মন্দিৰৰ সন্ধান পোৱা গৈছিল।

এইবাৰৰ সূৰ্যমন্দিৰটো ৫০ বছৰৰ ভিতৰত উদ্ধাৰ কৰা তৃতীয়টো সূৰ্য মন্দিৰ। তথ্য মতে, মন্দিৰৰ ভিতৰত এখন বিশাল চোতালসদৃশ খালী ঠাই আছে। ভিতৰত এটা ডাঙৰ স্তম্ভও আছে।উল্লেখ্য যে ইজিপ্তত প্ৰাচীন কালত নিৰ্মাণ কৰা পিৰামিডবোৰে ফাৰো শাসনৰ মৰ্যাদা আজিও অক্ষুণ্ণ ৰাখিছে। সূৰ্য মন্দিৰ পিৰামিডতকৈ সৰু গাঁথনিৰ যদিও ইয়াকো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

Leave A Reply

Your email address will not be published.