danewsplus.com
danewsplus.com

অষ্ট্ৰেলিয়াত মহাত্মাগান্ধীৰ প্ৰতিমূৰ্তি ধ্বংস

0 198

ডিজিটেল ডেস্ক : শুকুৰবাৰে ভাৰতৰ কনচুল জেনেৰেল ৰাজ কুমাৰ আৰু অষ্ট্ৰেলিয়াৰ অন্যান্য নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী স্কট মৰিছনে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে ৰ’ডিলৰ অষ্ট্ৰেলিয়ান ইণ্ডিয়ান কমিউনিটি চেন্টাৰত গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাৰত চৰকাৰে উপহাৰ দিয়া মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচনৰ এদিনৰ পিছত শনিবাৰে প্ৰতিমূৰ্তি ধ্বংসৰ কাৰ্য সংঘটিত হয়।


প্ৰধানমন্ত্ৰী মৰিচনে এই কাৰ্যক তীব্ৰ গৰিহনা দি “লাঞ্ছনাজনক আৰু হতাশাজনক” বুলি অভিহিত কৰে লগতে ইয়াৰ বাবে যিয়েই দায়ী তেওঁ অষ্ট্ৰলিয়া- ভাৰত সম্প্ৰদায়ৰ প্ৰতি লজ্জিত হোৱা উচিত বুলি মন্তব্য কৰে। বিষয়টোৰ সন্দৰ্ভত বৰ্তমান নক্স অনুসন্ধান গোটৰ চোৱাংচোৱা সকলৰ দ্বাৰা অনুসন্ধান কাৰ্য অৱ্যাহত ৰাখিছে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে আৰু সাক্ষী সকলক যিকোনো বিৱৰণ দিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.