danewsplus.com
danewsplus.com

চীন হ’ল নেকি বিশ্বৰ চহকী ৰাষ্ট্ৰ ?

0 164

ডিজিটেল ডেস্ক : বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান McKinsey Global Institute- এ শেহতীয়াকৈ চলোৱা এক গৱেষণা অনুসৰি তথ্য প্ৰকাশ পাইছে যে, চীনে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰ হিচাপে অতিক্ৰম কৰিছে। কিয়নো চীনৰ মুঠ সম্পদ ২০০০ চনৰ ৭ ট্ৰিলিয়নৰ ডলাৰৰ পৰা ২০২০ চনত ১২০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।


অধ্যয়নটোত কোৱা হৈছে যে, যোৱা দুটা দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ সম্পদ দুগুণতকৈ ওপৰলৈ বৃদ্ধি হৈ ৯০ ট্ৰিলিয়ন ডলাৰ হৈছে। আনহাতে, প্ৰতিষ্ঠানটোৱে গৱেষণাৰ ভিত্তিত প্ৰকাশ কৰা তথ্য অনুসৰি, ২০০০ চনত বিশ্বব্যাপী সম্পদ ১৫৬ ট্ৰিলিয়ন ডলাৰ আছিল, আৰু ২০২০ চনত ইয়াৰ পৰিমাণ ৫১৪ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে।

McKinsey Global Institute -এ প্ৰতিবছৰে বিশ্বৰ অৰ্থনীতি, বাণিজ্য, উদ্যোগ-প্ৰতিষ্ঠান আদি বিষয় সমূহৰ ওপৰত গৱেষণা অধ্যয়ন কৰি আহিছে।

Leave A Reply

Your email address will not be published.