danewsplus.com
danewsplus.com

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঙলবাৰে উদযাপন হ’ল বড়ো সাহিত্য দিৱস

0 117

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঙলবাৰে উদযাপন কৰা হৈছে বড়ো সাহিত্য দিৱস ৷ কোকৰাঝাৰ চহৰত শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত উদযাপন কৰা হৈছে এই দিৱস ৷ পুৱা বড়ো সাহিত্য সভাৰ সভাপতি তোৰেন বড়োৱে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে দিৱসৰ কাৰ্যসূচী ৷

বড়ো ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া সকলোলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে উন্মোচন কৰে বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতিমূৰ্তি ৷ এই অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি ভালসংখ্যক নেতা আৰু বিশিষ্ট লোক উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.