danewsplus.com
danewsplus.com

মধ্যপ্ৰদেশত আজৱ ঘটনা: ম’হে গাখীৰ নিদিয়াৰ বাবেই আৰক্ষীৰ কাষ চাপিল এজন কৃষক

0 593

ডিজিটেল ডেক্সঃ শনিবাৰে মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ নয়া গাঁৱৰ এজন কৃষকে তেওঁৰ পোহনীয়া ম’হজনীক লৈ এক ব্যতিক্ৰমী  গোচৰৰ সৈতে  উপস্থিত হয় আৰক্ষী থানাত। ৪৫ বছৰীয়া  বাবুলাল যাটৱে তেওঁৰ ম’হজনীয়ে গাখীৰ নিদিয়াৰ বাবেই কাষ চাপে আৰক্ষীৰ। তেওঁৰ সন্দেহ, কলা যাদুৰ বশৱৰ্তী হৈ ম’হজনীয়ে গাখীৰ দিবলৈ অমান্তি হয়।

এজাহাৰ দিয়াৰ চাৰি ঘণ্টাৰ পিছত কৃষকজনে  ম’হজনী লগতলৈ পুনৰ উপস্থিত হয় আৰক্ষী থানাত। ইতিমধ্যে এই ভিডিঅ’ চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক অৰবিন্দ শ্বাহে জনাই যে তেওঁলোকে কৃষকজনক পশু চিকিৎসা বিভাগৰ সহায় ল’বলৈ উপদেশ দিয়ে। জানিব পৰা মতে, দেওবাৰে পুৱা তেওঁৰ ম’হজনীয়ে পুনৰ গাখীৰ দিয়ে আৰু তাৰ পিছতেই তেওঁ আৰক্ষী থানাত উপস্থিত হৈ সকলোকে ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.