danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ বাৰ্মিজ চুপাৰি জব্দ

0 163

ডিজিটেল ডেস্ক : অসমত পুনৰ জব্দ বাৰ্মিজ চুপাৰি ৷ কৰিমগঞ্জ আৰক্ষীৰ তৎপৰতাত জব্দ হৈছে বহু পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷ ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৩১২ বস্তা বাৰ্মিজ চুপাৰি ৷ ত্ৰিপুৰাৰ উনকোটি জিলাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি ৷

জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ লাখ টকা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে ৷

Leave A Reply

Your email address will not be published.