danewsplus.com
danewsplus.com

লাভলীনাই গ্ৰহণ কৰিলে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান

0 430

ডিজিটেল ডেস্ক : দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা’ গ্ৰহণ কৰিলে লাভলীনা বৰগোহাঁয়ে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা দেশৰ এই সৰ্বোচ্চ ক্ৰীড়া সন্মান গ্ৰহণ কৰিলে অসম কন্যা লাভলীনাই ৷ সৰ্বমুঠ ১২গৰাকী ক্ৰীড়াবিদলৈ প্ৰদান কৰা হৈছে মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা ৷ ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটাসমূহ ৷

লগতে এই অনুষ্ঠানতেই ৩৫গৰাকী ক্ৰীড়াবিদক দিয়া হ’য় অৰ্জুন বঁটা ৷ লাভলীনা বৰগোহাঁই হৈছে অসমৰ প্ৰথমগৰাকী ধ্যানচাঁদ খেলৰত্ন বঁটাপ্ৰাপ্ৰক ক্ৰীড়াবিদ ৷ ইয়াৰ পূৰ্বে অৰ্জুন বঁটাৰেও সন্মানিত হৈছিল লাভলীনা ৷

Leave A Reply

Your email address will not be published.