danewsplus.com
danewsplus.com

থলুৱা জলকীয়াৰ জাত সংৰক্ষণ কৰা বলোৰাম চাৰংচাইক ভাৰত চৰকাৰৰ বঁটা

0 192

ডিজিটেল ডেস্ক : অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ পূবাঞ্চলৰ কাৰ্বি আৰু ডিমাচা জনগোষ্ঠীয় লোকে প্ৰথমবাৰৰ বাবে থলুৱা বীজ সংৰক্ষণৰ তথা কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত আগবঢ়াই অহা অৱদানৰ বাবে দুটাকৈ সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিয়ে সামুহিক শাখাত ‘ প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড ‘ আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাই প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীয়ে প্ৰতি বছৰে পৰম্পৰাগত কৃষিজাত উদ্ভিদৰ সংৰক্ষণৰ দিশত আগবঢ়োৱা এই সন্মান ২০২০-২১ বৰ্ষৰ বাবে আগবঢ়াইছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে আমাৰ এটা থলুৱা জনগোষ্ঠীয়ে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা এই পুৰস্কাৰে আমাক গৌৰাম্বিত কৰিছে । আমাৰ বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ জৰিয়তে এই আবেদন জনোৱা হৈছিল আৰু সামুহিক শাখাৰ ৩১ খন আবেদন আৰু ব্যক্তিগত শাখাৰ ২০০ খন আবেদনৰ ভিতৰত আমি শ্ৰেষ্ঠত্ব আৰ্জন কৰিবলৈ সক্ষম হৈছো । সামুহিক শাখাৰ পৰা বাছনি কৰা ২ খনৰ ভিতৰত আমি স্থান লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাৰ ২০ খনৰ ভিতৰত স্থান লাভ কৰিছো । তেখেতে লগতে কয় যে কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটি ২০১৬ চনত গঠিত হৈছিল । এই চচাইটিয়ে কাৰ্বি আংলং জিলাত কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছে । এই চচাইটিৰ লগত প্ৰত্যক্ষভাবে ৩০০ জন কৃষকক আৰু পৰোক্ষভাবে ১০০০ কৃষক জড়িত হৈ আছে । আনহাতে কাৰ্বি আংলং জিলাৰ শিলফুটা নগৰজান বকলিয়াৰ যুৱকৃষক বলোৰাম চাৰংচাই থলুৱা জাতৰ ৭ বিধ জলকীয়া সংৰক্ষণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই সংবাদমেলত কয় যে পৃথিৱীব্যাপি জৈৱ বৈচিত্ৰৰ আহুকালৰ সময়ত থলুৱা বীজৰ পৰম্পৰাগতভাবে কৰা সংৰক্ষণ আৰু এই দিশত অধিক গুৰুত্ব দি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাটো আশাৰ খবৰ ।এই সংৰক্ষণৰ বাবে কৃষকৰ অধিকাৰ ৰক্ষাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰি এই সন্মান লাভৰ অংশীদাৰ হৈছে ।থলুৱা তিলৰ ভেৰাইটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে উচ্চ উৎপাদনক্ষম দুটাকৈ নতুন জাত উদ্ভাৱন কৰাই নহয় এইসকলে সংৰক্ষণ কৰা জলকীয়াৰ পৰা নতুন দুটা জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছো । বহু থলুৱা সংৰক্ষণ কৰা সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰজননবিদে নতুন জাত উলিয়াইছে আৰু কৃষক সমাজৰ বাবে অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ।এইসমুহৰ ভিত্তিতে আমি আবেদন জনাই এই সন্মানৰ অধিকাৰী হৈছো ।

নতুন দিল্লীৰ নাচ কমপ্লেক্সত ১১ নবেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিক সামুহিক শাখাত ১০ লাখ টকা আৰু ২ খন প্ৰশস্তি পত্ৰৰ সৈতে ‘প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড’ আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাইক ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰৰ সৈতে প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড প্ৰদান কৰা হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যও উপস্থিত থাকি বটা গ্ৰহণ কৰে।কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে বঁটা প্ৰদান কৰা এই অনুষ্ঠানত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীৰ চেয়াৰমেন ড° টি প্ৰভু , ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ উপস্থিত থাকে ।

আজিৰ সংবাদমেলত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদ আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ডিফুৰ ভূতপূৰ্ব মুখ্য বিজ্ঞানী ড° আশোতোষ ৰয়ৰ লগতে বঁটাপ্ৰাপক ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিৰ বিষয়ববীয়া আৰু পুৰস্কাৰ প্ৰাপক বলোৰাম চাৰংচাইয়েও অংশ গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.