danewsplus.com
danewsplus.com

T-20 বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত পাকিস্তান, অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত পাকিস্তান

0 171

ডিজিটেল ডেক্সঃ T-20 বিশ্বকাপৰ ফাইনেল খেলাৰ সপোন পূৰণ নহ’ল পাকিস্তানৰ৷ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত হৈ বিদায় ল’লে পাকিস্তানে৷ নিশা ডুবাইত অনুষ্ঠিত T-20 বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত প্ৰথমে বেটিং কৰি পাকিস্তানে মহম্মদ ৰিজৱানৰ ৬৭, ফকৰ জামানৰ ৫৫ আৰু বাবৰ আজমৰ ৩৯ ৰানৰ সহায়ত ৪ উইকেটত সংগ্ৰহ কৰে ১৭৬৷

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ডেভিদ ৱাৰ্ণাৰৰ ৪৯, মেথিউ ৱাদৰ ৪১, মাৰ্কাছ ষ্টইনিছৰ ৪০ আৰু মিছেল মাৰ্শ্বৰ ২৮ ৰানৰ সহায়ত ১৯ অভাৰত ৫ উইকেট ১৭৭ ৰান কৰি পৰাস্ত কৰে পাকিস্তানক৷ মেথিউ ৱাদে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷ দেওবাৰে এই বিশ্বকাপৰ চূড়ান্ত খিতাপৰ বাবে যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ড৷

Leave A Reply

Your email address will not be published.