danewsplus.com
danewsplus.com

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বড়ো ভাষাৰ ছবি ‘চিযৌ’

0 165

ডিজিটেল ডেস্কঃ ভাৰতীয় পেন’ৰোমা লৈ নিৰ্বাচিত বড়ো ভাষাৰ ছবি ‘চীযৌ’ | প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰিছে বড়ো ভাষাৰ ছবি ‘চিযৌ’। নৱেম্বৰৰ ২০ ৰ পৰা ২৮ তাৰিখলৈ গোৱাত অনুষ্ঠিত হবলগীয়া ভাৰতীয় পেন’ৰোমাৰ অধীনৰ 52nd International Film Festival of India ত দেশৰ ২০ খন ছবিৰ লগতে চিযৌ ছবিখনেও স্থান লাভ কৰিছে |

অমপ্ৰকাশ খেৰখাটাৰী আৰু প্রিয়ম চলিহা প্ৰযোজনাৰ লগতে ভিছাল পি চলিহাই পৰিচালনা কৰা এই ছবিখনত ভাৰত ভূটান সীমান্তৱৰ্তী বড়ো জনজাতি আৰু বড়োলেণ্ড অঞ্চলৰ বুৰঞ্জীমূলক কাহিনীয়ে স্থান পাইছে।

ইতিমধ্যে ভাৰতীয় পেন’ৰোমাত স্থান পোৱাৰ পিছতে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰযোজক তথা অভিনেতা অমপ্ৰকাশ খেৰখাটাৰীয়ে | ইয়াৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰ মেলবৰ্ণ মহোৎসৱ ২০২১, ফেষ্টিভেল অফ চিনেমা এন ওয়াই চি, বৃষ্টল ইনদীপেণ্ডে ফিল্ম ফেষ্টিভেল ইউ কে, চিকাগ’ চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল আদিত প্ৰদৰ্শনৰে শুনাম অৰ্জন কৰিছে ‘চিযৌ’ৱে |

Leave A Reply

Your email address will not be published.