danewsplus.com
danewsplus.com

T-20 বিশ্বকাপত আজি ভাৰতৰ ভাগ্য পৰীক্ষা, সমুখ সমৰত আফগানিস্তান-নিউজিলেণ্ড

0 219

ডিজিটেল ডেক্সঃ T-20 বিশ্বকাপত আজি ভাৰতৰ ভাগ্য পৰীক্ষা৷ আজি সমুখ সমৰত নামিব আফগানিস্তান আৰু নিউজিলেণ্ড৷ এই খেলখনৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতৰ ভাগ্য৷ যদিহে আজি আফগানিস্তান জয়ী হয় তেন্তে ছেমিফাইনেলৰ পথ প্ৰশস্ত হ’ব ভাৰতৰ বাবে৷ অৱশ্যে আজিৰ মেচখন আফগানিস্তানৰ বাবে সহজ নহ’ব৷ কিয়নো নিউজিলেণ্ড দলে পূৰ্বৰ খেলসমূহত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি উন্নত ফৰ্ম অব্যাহত ৰাখিছে৷ আফগানিস্তানৰ স্পীন বলিঙৰ বাদে ফাষ্ট বলিঙত কিছু দূৰ্বলতা আছে৷

আনহাতে নিউজিলেণ্ডৰ সেই দুৰ্বলতা নাই৷ নিউজিলেণ্ড দলটোৰ বেটিঙৰ লগতে বলিং লাইনআপ যথেষ্ট সবল৷ সেইফালৰ পৰা তুলনামূলকভাৱে নিউজিলেণ্ডক অধিক শক্তিশালী আখ্যা দিছে বিশেষজ্ঞই৷ অৱশ্যে ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল৷ খেলপথাৰত যিয়ে উন্নত প্ৰদৰ্শন আগবঢ়াব সেই দলেই শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব৷

আজি যদিহে আফগানিস্তান জয়ী হয় আৰু কাইলৈ অনুষ্ঠিত হ’বলগীয়া মেচখনত যদিহে নামিবিয়াৰ বিপক্ষে ভাৰত জয়ী হয় তেন্তে ভাৰত ছেমিফাইনেলত উপনীত হ’ব৷ যদিহে আজি আফগানিস্তান পৰাস্ত হয় তেন্তে ভাৰতৰ বিশ্বকাপৰ অভিযান ইমানতে অন্ত পৰিব৷

Leave A Reply

Your email address will not be published.