danewsplus.com
danewsplus.com

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা-অৰ্চনা

0 142

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ গোলাঘাটৰ মৰঙি চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা মৰঙি ৰাইজৰ ৷ বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা মৰঙি চাহ বাগিছাৰ ভুক্তভোগী ৰাইজৰ ৷ দীৰ্ঘদিনে নুমলীগড়ৰ মৰঙি মৌজাৰ মৰঙি, লেটেকুজান, পোৰাবঙলা, চুমনি আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

বাৰী ঘৰ, খেতিপথাৰ, চাহ বাগিচা, ৰাজপথ আদি সকলোতে এতিয়া কেৱল হাতীৰ মুক্ত বিচৰণ। বন্যহস্তীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বনবিভাগ ৷ ভাৰতীয় চাহ মজদুৰ সংঘ মৰঙি শাখাৰ উদ্যোগত আয়োজন কৰা পূজাত মৰঙি চাহ বাগিছাৰ ৰাইজে এতিয়া নেদেখাজনৰ ওচৰত ধূপ নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰি বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰিছে। কিন্তু গোলাঘাট জিলাৰ বিয়াগোম বনবিভাগে হাতী মানুহৰ সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত নূন্যতম ব্যৱস্থাও গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Leave A Reply

Your email address will not be published.