danewsplus.com
danewsplus.com

দক্ষিণ কামৰূপত ৰাইজৰ ৰোষত নাৰী সৰবৰাহকাৰী

0 324

ডিজিটেল ডেস্কঃ আৰক্ষীলৈ বাট নাচায়, নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে দক্ষিণ কামৰূপত ওলাই আহিল জনতা ৷ খেদি খেদি আটক কৰিলে দুৰ্ধৰ্ষ নাৰী সৰবৰাহকাৰীক ৷ দীৰ্ঘ দিনৰে পৰা ৰাজ্যৰ গ্ৰাম্যাঞ্চালৰ কিশোৰী যুৱতীক বিভিন্ন প্ৰলোভনেৰে বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত ৷

বিয়াৰ প্ৰলোভনেৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডাৰ এগৰাকীৰ যুৱতীক ৮০ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰীৰ বাবে নিয়াৰ পথতেই ৰাইজে আটক কৰে বাহাৰ আলী নামৰ এটা লম্পটক ৷ প্ৰেমৰ জালেৰে ৩টাকৈ সন্তানৰ পিতৃ বাহাৰে বহিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰিছিল যুৱতীগৰাকীক ৷

দিনচেৰেক পূৰ্বে নাৰী সৰবৰাহচক্ৰৰ বলি হোৱা কথা জানিব পাৰি পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰোতেই স্থানীয় ৰাইজে উত্তম-মধ্যম সোধাই সৰবৰাহকাৰী বাহাৰক ৷ স্থানীয় ৰাইজে বাহাৰক গতাই দিছে গৰৈমাৰী আৰক্ষীক ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব পূৰ্বেও কিমান গৰাকী যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল বাহাৰ আলীয়ে ৷

Leave A Reply

Your email address will not be published.