danewsplus.com
danewsplus.com

লাভলীনালৈ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা

0 342

ডিজিটেল ডেক্সঃ ভাৰতীয় ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হৈছে ভাৰতৰ তাৰকা বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ এই বঁটাৰ বাবে দেশৰ ১২ গৰাকী ক্ৰীড়াবিদৰ ভিতৰত স্থান লাভ কৰিছে লাভলীনাই৷

ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিয়ে অহা ১৩ নৱেম্বৰত অন্য ১১ ক্ৰীড়াবিদৰ সৈতে লাভলীনা বৰগোহাইক প্ৰদান কৰিব মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা৷ দেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মঙলবাৰে ঘোষণা কৰিছে এই কথা৷

ধ্যান চান্দ খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হোৱা আন খেলুৱৈসকল হৈছে- নীৰজ চোপ্ৰা, ৰবি কুমাৰ, শ্ৰীজেছ পি আৰ, অৱনী লেখাৰা, প্ৰমোদ ভগত, সুমিত আন্তিল, কৃষ্ণ নাগৰ, মণিষ নাগৰ, মিতালী ৰাজ, সুনীল ছেত্ৰী আৰু মনপ্ৰিত সিং৷ ইফালে সোমবাৰে ২০২০ বৰ্ষৰ অৰ্জুন বঁটা গ্ৰহণ কৰিলে লাভলীনা বৰগোঁহায়ে৷

Leave A Reply

Your email address will not be published.