danewsplus.com
danewsplus.com

দীপাৱলীত ৰাজ্যত নাটনি হ’ব ৰন্ধন গেছৰ

0 819

ডিজিটেল ডেস্কঃ দীপাৱলীত ৰাজ্যত নাটনি হ’ব ৰন্ধন গেছৰ। দীপাৱলীৰ প্ৰাকক্ষণত গেছ প্ৰকল্পৰ পৰিবহণ বন্ধ থাকিব। পৰিবহণ সন্থাৰ ধৰ্মঘটত চিলিণ্ডাৰৰ নাটনিৰ আশংকা কৰা হৈছে। আনফালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধি হ’ব। প্ৰতিটো চিলিণ্ডাৰত মূল্যবৃদ্ধি পাব ২৬৬ টকাকৈ।
ইপিনে বন্ধ থাকিব উত্তৰ গুৱাহাটী গেছ প্ৰকল্পৰ পৰিবহণ সেৱা। মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই সেৱা। LPG ট্ৰেন্সপৰ্টাৰ এছোচিয়েচনৰ ধৰ্মঘট কাৰ্যসূচীৰ বাবে বন্ধ থাকিব এই সেৱা। কেইবাটাও দাবীৰে ৰূপায়ণ কৰা হৈছে এই ধৰ্মঘট কাৰ্যসূচী।
আনফালে বিভিন্ন অজুহাতেৰে থলুৱাক বঞ্চিত কৰাৰো প্ৰতিবাদ । লগতে বন্ধ থাকিব উত্তৰ গুৱাহাটী বটলিং প্লাণ্টৰ পৰিবহণ সেৱা। ধৰ্মঘটৰ বাবে ১,৫০০ৰো অধিক ৰন্ধন গেছ কঢ়িওৱা বাহন আবদ্ধ হৈ থাকিব যাৰ বাবে ৰাজ্যত চিলিণ্ডাৰৰ নাটনি হোৱাৰ আশংকা।

Leave A Reply

Your email address will not be published.