danewsplus.com
danewsplus.com

উপ নিৰ্বাচনঃ শাসকৰ মুখত আকৌ বিৰিঙিল হাঁহি, তচনচ বহুধাবিভক্ত বিৰোধী

0 190

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল উপ নিৰ্বাচনৰ ফলাফল। তামুলপুৰ, গোসাঁইগাঁৱৰ পৰা মৰিয়নী, থাওৰা আৰু ভৱানীপুৰলৈকে আটাইকেইটা সমষ্টিতে শাসকীয় পক্ষই বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰেৰে সকলো লোককে আচৰিত কৰি তুলিলে। বিৰোধীয়ে বিচৰাৰ দৰে ফল লাভ নকৰাৰ লগতে মুল যুঁজলৈকে অহা পৰিলক্ষিত নহ’ল।

বিৰোধী শক্তিৰ মাজত মতানৈক্যকে আদিকে এইক্ষেত্ৰত মূল কাৰক বুলি ক’ব পাৰি। প্ৰত্যাশিতভাৱে ৰাজ্যৰ শাসকপক্ষই লাভ কৰিলে উপ-নিৰ্বাচনৰ ফলাফল৷ ৰাজ্যত পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফলত বিধ্বস্ত হ’ল বিৰোধী শক্তি৷

শাসকীয় পক্ষই লাভ কৰা ৫ খন আসনৰ মৰিয়নী, থাওৰা আৰু ভৱানীপুৰ বিজেপিয়ে লাভ কৰাৰ লগতে গোসাঁইগাঁও আৰু তামুলপুৰ লাভ কৰে ইউপিপিএলে। ইয়াৰ বিপৰীতে বহুধাবিভক্ত বিৰোধীয়ে দাবী কৰা ধৰণেৰে নাপালে কোনো সুফল৷ আনকি কোনো এটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতাৰো সুযোগ ল’ব নোৱাৰিলে বিৰোধীয়ে৷

থাওৰা সমষ্টিত ৩০,৫৬১ ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। উল্লেখ্য যে, সুশান্তই লাভ কৰিলে ৫৪,৯৫৬ টা ভোট। তাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে লাভ কৰিলে ২৪,৩৯৫ টা ভোট। তৃতীয় স্থানত থকা কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে ৫,৮১৮ টা ভোট লাভ। সমষ্টিটোত চিপিআই দলৰ কৃষ্ণ গগৈয়ে ১,৯৭০ টা ভোট লাভ কৰে।

গোসাঁইগাঁও সমষ্টিত ২৮,২৫২ ভোটৰ ব্যৱধানত জয়লাভ কৰে UPPL-ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে। প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৫৮,৭৬৯ টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ জুৱেল টুডুৱে ৩০,৫১৭ টা ভোট লাভ কৰে। বিপিএফৰ ধ্ৰুৱ ব্ৰহ্ম নাৰ্জাৰীয়ে ২০,১৭৮ টা ভোট লাভ কৰে। এআইইউডিএফৰ খাইৰুল অনম খান্দাকাৰে লাভ কৰে ১৯,১৯৪ টা ভোট।

ভৱানীপুৰ সমষ্টিৰ ক্ষেত্ৰত ২৫,১৪৫ টা ভোটৰ ব্যৱধানত জয়ী হয় বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ। তালুকদাৰে লাভ কৰে ৬২,২০০ টা ভোট। তেওঁৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰে ৩৮,৫৫৯ টা ভোট।

একেদৰে মৰিয়নী সমষ্টিত জয়ী হ’বলৈ সক্ষম হোৱা ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে মুঠ ৫৫,৪৮৯ টা ভোট। এইখিনিতে মন কৰিবলগীয়া যে, পূৰ্বে কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও এইবাৰৰ নিৰ্বাচনৰ পূৰ্বৰ তুলনাত অধিক ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় একালৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতাগৰাকী। তেওঁ ৪০,১০৪ টা ভোটত মূল প্ৰতিদ্বন্দ্বী লোহিত কোঁৱৰক ১৫,৩৮৫ টা ভোটত পৰাজিত কৰে।

আনহাতে তামুলপুৰ সমষ্টিত ইউপিপিএলৰ জলেন দৈমাৰীয়ে জয় লাভ কৰিছে। উল্লেখ্য যে, মৰিয়নী, থাওৰা আৰু ভৱানীপুৰত পূৰ্বৰ ৩ গৰাকী বিধায়কে ক্ৰমে ২ গৰাকীয়ে কংগ্ৰেছ আৰু এগৰাকীয়ে AIUDF ত্যাগ কৰাৰ লগতে বিধায়কৰ পদ ত্যাগ কৰাৰ পিছতে খালী হৈছিল ৩খন আসন। একেদৰে ২ গৰাকী বিধায়কৰ মৃত্যু হোৱাৰ বাবে গোসাঁইগাঁও আৰু তামুলপুৰৰ আসন দুখন খালী হৈছিল। সেই অনুসৰিয়ে ৩০ অক্টোবৰত সমষ্টিকেইটাত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Leave A Reply

Your email address will not be published.