danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী সন্দেহত আক্ৰমণৰ ঘটনা

0 160

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী সন্দেহত আক্ৰমণৰ ঘটনা৷ এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড়ৰ লেজাই৷ অন্ধবিশ্বাসী একাংশই জীৱন্তে জ্বলাই দিয়াৰ অপচেষ্টা চলালে এগৰাকী মহিলাক৷ ঘৰতো অগ্নিসংযোগৰ চেষ্টা চলালে দুৰ্বৃত্তই৷

ৰাজ্যত এতিয়াও বৰ্তি আছে অন্ধবিশ্বাস
ডিব্ৰুগড়ত ডাইনী সজাই আক্ৰমণ মহিলাক
জীৱন্তে জ্বলাই দিয়াৰ অপচেষ্টা একাংশৰ
লেজাই কঁথালবাম গাঁৱত সংঘটিত হৈছে এই ঘটনা
গাঁওখনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছিল
এই মৃত্যুৰ কাৰণ মহিলাগৰাকী বুলি বেজৰ আঙুলি
বেজৰ উচটনিত একাংশ অন্ধবিশ্বাসীৰ আক্ৰমণ
বৰ্তমান সন্ধানহীন আক্ৰমণৰ বলি হোৱা মহিলাগৰাকী

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ মাজতো এতিয়াও ৰাজ্যৰ একাংশৰ মাজত অব্যাহত আছে অন্ধবিশ্বস৷ সোমবাৰে ডিব্ৰুগড়ৰ লেজাই কঁঠালবাম গাঁৱত অন্ধবিশ্বাসৰ বলি হৈ একাংশ লোকে ডাইনী সজাই জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা চলালে এগৰাকী মহিলাক৷ উল্লেখ্য যে গাঁওখনত শেহতীয়াকৈ কেইবাজনো লোকৰ অকাল মৃত্যু ঘটাত তন্ত্ৰ-মন্ত্ৰত বিশ্বাসী গাঁওখনৰ একাংশই কাষ চাপিছিল বেজৰ৷

বেজৰ আঙুলি নিৰ্দোষী মহিলাগৰাকীৰ ওপৰত
বেজৰ উচটনিত মহিলাগৰাকীৰ ওপৰত একাংশৰ আক্ৰমণ
গুৰুতৰভাৱে আহত মহিলাগৰাকী

গাঁওখনত একাংশ লোকৰ মনত অন্ধবিশ্বাস কিদৰে শিপাই আছে সেই কথা তেওঁলোকৰ ভাষ্যতে অনুমান কৰিব পাৰি৷
এই কাৰ্যই গাঁওখনৰ লগতে ডিব্ৰুগড়ত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷ ইফালে আক্ৰমণৰবলি হোৱা মহিলাগৰাকী বৰ্তমান সন্ধানহীন৷ আক্ৰমণৰ বলি হোৱা মহিলাগৰাকী ক’লৈ গ’ল? তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ৷

Leave A Reply

Your email address will not be published.