danewsplus.com
danewsplus.com

T20 বিশ্বকাপত আজি টীম ইণ্ডিয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ

0 163

ডিজিটেল ডেস্কঃ T20 বিশ্বকাপত আজি টীম ইণ্ডিয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৷ ডুবাই ইণ্টাৰনেছনেল ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব টীম ইণ্ডিয়া ৷ প্ৰতিযোগিতাখনত টিকি থাকিবৰ বাবে ভাৰতীয় দলটো আজি জয়ী হোৱাতো অতিকৈ প্ৰয়োজনীয় ৷ T20 বিশ্বকাপত নিউজিলেণ্ডৰ বিপক্ষে ভাৰতৰ প্ৰদৰ্শন আশানুৰূপ নহয় ৷ পূৰ্বৰ T20 বিশ্বকাপত নিউজিলেণ্ডৰ সৈতে দুবাৰ মুখামুখি হৈ দুয়োবাৰেই পৰাস্ত হৈছিল ভাৰত ৷

সামগ্ৰিকভাৱে আন্তৰাষ্ট্ৰীয় T20 প্ৰতিযোগিতাত ১৭খন মেচত মুখামুখি হৈছে দুয়োটা দল ৷ ইয়াৰে ৮ খনত ভাৰত আৰু ৮ খনত নিউজিলেণ্ড জয়ী হৈছে ৷ এখন মেচ অমীমাংসিত হৈছে ৷ চলিত T20 বিশ্বকাপত দুয়োটা দলেই ইতিমধ্যে পাকিস্তানৰ হাতত পৰাস্ত হৈছে ৷ দেশৰ ক্ৰিকেতপ্ৰেমীয়ে এখন উত্তেজনাপূৰ্ণ মেচৰ অপেক্ষাত ৷

Leave A Reply

Your email address will not be published.