danewsplus.com
danewsplus.com

অসমৰ উপৰি দেশৰ ১২খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

0 138

ডিজিটেল ডেক্সঃ অসমৰ উপৰি দেশৰ ১২খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত আজি ২৫টা বিধানসভা সমষ্টি আৰু ৩টা লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে৷

চুবুৰীয়া মেঘালয়ৰ ৩টা আৰু মিজোৰামৰ ১টা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু মধ্যপ্ৰদেশৰ ৪টাকৈ সমষ্টিত, হিমাচল প্ৰদেশৰ ৩টা সমষ্টিত, বিহাৰ, কৰ্ণাটক আৰু ৰাজস্থানৰ ২টাকৈ সমষ্টিত, তেলেংগানা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু অন্ধ্ৰপ্ৰদেশৰ ১টাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে৷ ইয়াৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰা আৰু নগৰহাভেলী, হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ একোটাকৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে৷

Leave A Reply

Your email address will not be published.