danewsplus.com
danewsplus.com

ৰোমত কি কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী?

0 273

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ৰোমত ৷ G-20ৰ বৈঠকত অংশগ্ৰহণৰ বাবে মোদী উপস্থিত হৈছে ইটালীৰ ৰাজধানী ৰোমত ৷ G-20ৰ নেতৃবৰ্গৰ সৈতে বৰ্তমান বিশ্ব পৰিস্থিতি আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি সম্পৰ্কে আলোচনা কৰাৰ লগতে অন্যান্য বিষয় লৈও আলোচনাত বহিব মোদী৷

ইয়াৰ উপৰি মোদীয়ে ভেটিকানত পোপকো সাক্ষাৎ কৰিব ৷ ইটালী ভ্ৰমণ সামৰি মোদীয়ে গ্লাছগোত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব৷

Leave A Reply

Your email address will not be published.