danewsplus.com
danewsplus.com

দালালিৰে আনৰ মাটি নিজৰ কৰি লোৱা জিতুমণি শৰ্মাই কেতিয়া পাব শাস্তি

0 442

সীমাহীন দালালিৰ অন্য নাম জিতুমণি শৰ্মা!
প্ৰৱঞ্চক জিতুমণিৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু
আজিও মুকলি আকাশৰ তলত কোটি কোটি টকাৰ লুণ্ঠনকাৰী জিতুমণি শৰ্মা

নাম জিতুমণি শৰ্মা। লোকৰ মাটি জালিয়াতি কৰি নিজৰ বুলি কৈ ৰামঠগন দিয়াত পাকৈত এই ধুৰন্ধৰ জিতুমণি।
জিতুমণিৰ দালালিৰ ইতিবৃত্ত কিছু সুকীয়া
উদাহৰণ স্বৰূপে,
প্ৰথমে আপোনাৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰে
দ্বিতীয়তে আপোনাৰ পাৰিবাৰিক বিষয়ত নিজক অংশীদাৰ হ’বলৈ চেষ্টা কৰে

তাৰ পিছত আপোনাৰ কোনো নথি-পত্ৰজাতীয় কাম-কাজ থাকিলে নিজে কৰি দিয়াৰ চেষ্টা কৰে জিতুমণিয়ে। তেনেদৰেই আপোনাৰ ব্যক্তিগত নথি-পত্ৰৰ তথ্য চতুৰ জিতুমণিৰ হাতত পৰেগৈ। ২০১৬ চনত ফাঁচীবজাৰৰ নিবাসী ইন্দ্ৰনী লাহিৰী আৰু দেৱাশিষ লাহিৰী নামৰ দুই ভাতৃৰ নামত থকা এইখিনি ২ কঠা ২ লেচা ভূমি জালিয়াতিৰে নিজৰ নামৰ কৰি লৈছিল জিতুমণি শৰ্মা নামৰ এইজন লোকে।

লাহিৰী পৰিয়ালৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰি একপ্ৰকাৰ সকলোৰে বাবে বিশ্বাসী হৈ পৰা জিতুমণি অৱশেষত হৈ পৰিল বিশ্বাসঘাতক,প্ৰতাৰক। চৰম প্ৰৱঞ্চনাৰে লাহিৰী পৰিয়ালৰ ঘৰ-সম্পত্তি থকা এইখিনি ভূমিৰ ভুৱা নথি-পত্ৰ উলিয়াই নিজৰ বুলি জাহিৰ কৰে জিতুমণি শৰ্মাই। জিতুমণিৰ এই কাৰ্যত সহযোগ কৰিছিল আদালতৰ এগৰাকী উপ-পঞ্জীয়ক আৰু ফাঁচীবজাৰৰ কাপোৰ চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড আব্দুল মুকিত নামৰ লোকজনে। এই সমগ্ৰ বিষয়ত ইন্দ্ৰনী লাহিৰীয়ে

২০১৮ চনৰ ২৭ জুনত পাণবজাৰ থানাত দিছিল এজাহাৰ
পাণবজাৰ থানাত ৩৬৬/২০১৮ নম্বৰত ৰুজু হৈছিল গোচৰ
জিতুমণিৰ বিৰুদ্ধে ১০ টা ধাৰাত ৰুজু হৈছিল গোচৰ
IPC 120(B)/406/420/423/468/471/109/409/506/34 ধাৰাত ৰুজু গোচৰ

কিন্তু ৰহস্যজনক ভাৱে জিতুমণি শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে উক্ত গোচৰ সন্দৰ্ভত কোনো ব্যৱস্থা আজিপৰ্যন্ত গ্ৰহণ নকৰিলে। অভিযোগ অনুসৰি জিতুমণি শৰ্মাই নিজকে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰয়াত খগেন শৰ্মাৰ ঘণিষ্ঠ বুলি বিভিন্নজনৰ আগত প্ৰকাশ কৰি নিজৰ প্ৰভাৱ খটুৱাইছিল। জিতুমণিৰ কুৰ্কম সন্দৰ্ভত এইবাৰ মুখ খুলিলে মাটিৰ প্ৰকৃত স্বত্বাধিকাৰী ইন্দ্ৰনী লাহিৰীয়ে।

৭ জুন,২০১৭ৰ এইখন পত্ৰত সাক্ষী হিচাপে নাম আছে উৰ্ৱশী লাহিৰীৰ। কিন্তু তাৰে পিছদিনা অৰ্থাৎ ৮ জুনৰ দিনা চুক্তিপত্ৰত সাক্ষী হিচাপে নাম আছে উৰ্ৱশী ঘোষৰ। অৰ্থাৎ একেজন ব্যক্তিৰ নামত অনুৰূপ তথ্যৰে দুটা দিনত দুটা উপাধি উল্লেখ হৈছে এই চুক্তিপত্ৰত। ইফালে ২০১৮ চনত লাহিৰী পৰিয়ালৰ এইখিনি মাটিত ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব বুলি কৈ জিতুমণি শৰ্মাই ফাঁচীবজাৰৰ বহুকেইজন ব্যৱসায়ীৰ পৰা লুটিলে বহু কোটি টকা। জিতুমণিৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে বুধবাৰে পাণবজাৰ থানাত ভুক্তভোগী ব্যৱসায়ীসকলে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত

জিতুমণিৰ বিৰুদ্ধে ৫৮০/২০২১ নম্বৰত ৰুজু হৈছে আন এটা গোচৰ
জিতুমণিৰ বিৰুদ্ধে IPC ৪০৬/৪২০/৩৪ ধাৰাত ৰুজু হৈছে গোচৰ

এতিয়া এই সমগ্ৰ জালিয়াতিৰ বিষয়টোক লৈ মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। ইতিমধ্যে ভূমিৰ স্বত্বাধিকাৰী ইন্দ্ৰনী লাহিৰী আৰু দেৱাশিষ লাহিৰীৰ ভাষ্য সংগ্ৰহ কৰিছে তদন্তকাৰী বিষয়াই।

কিন্তু ক’ত আছে প্ৰৱঞ্চক জিতুমণি শৰ্মা?
কেতিয়া আৰক্ষীৰ জালত পৰিব জিতুমণি?

তদন্তৰ আওতাত আহিবনে জিতুমণিৰ দুই মূল সহযোগী আব্দুল মুকিত আৰু উপ-পঞ্জীয়কজন? সেয়া এইমুহূৰ্তত লাখটকীয়া প্ৰশ্ন ৰূপে বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.