danewsplus.com
danewsplus.com

তুংগত নিৰ্বাচনী প্ৰচাৰ, কোনে মাৰিলে আজৱ হাঁহি? কাৰ চকুত চকুপানী?

0 379

ডিজিটেল ডেস্কঃ লক্ষ্য নিৰ্বাচনী জয় ৷ ক’ত যে কি কৰা নাই ৰাজনৈতিক নেতাসকলে ৷ কোনোবাই নাচিছে, কোনোবাই হাঁহিছে, কোনোবাই আকৌ হুকহুকাই কান্দিছে ৷ মুঠতে ভোট লাগে ৷ ৰাজনৈতিক নেতাৰ ন ন ৰাজনৈতিক কৌশল।

ৰাজ্যজুৰি উপ-নিৰ্বাচনৰ ধামখুমিয়া
নাচ-গান, চকুপানীৰে একাকাৰ নিৰ্বাচনী মঞ্চ
ক’ৰবাত হিট হাঁহি, ক’ৰবাত আকৌ চকুপানী
নানা ভাৱত ৰাজনৈতিক নেতা

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিবলৈ মাজত বাকী ২৪ ঘণ্টা ৷ বিগত প্ৰায় পষেক জুৰি ৰাজনৈতিক নেতাসকলে নানান ধৰণেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চলাইছে চেষ্টা ৷ কৰবাত যদি প্ৰতিশ্ৰুতিৰ বন্যা, কৰবাত আকৌ শীৰোনাম দখল কৰিছে হাঁহিয়ে ৷ যেন সকলো স্বভাৱসুলভ ভংগীমা ৷ এইবাৰৰ উপ-নিৰ্বাচনত বিশেষ চৰ্চিত হৈছে।

কিয় ৰূপজ্যোতি কুৰ্মীৰ মুখত আজৱ হাঁহি?

কোনো কালে কোনোৱে নেদেখা আজৱ হাঁহি বিৰিঙিছে ৰূপজ্যোতিৰ মুখত ৷ ইফালে পূৰ্বতে দেখি অহাৰ দৰে স্বভাৱসুলভ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ৷ এইবাৰৰ নিৰ্বাচনী মঞ্চতো হিট মাৰিছে মুখ্যমন্ত্ৰীৰ স্বাভাৱসুলভ নৃত্যই ৷

সকলো দেখি-শুনি এইবাৰ গা-লৰিল AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ৷ পুনৰ আজমলে দোহাৰিলে পুৰণা নাটক ৷

পুনৰ নিৰ্বাচনী মঞ্চত জৰা-ফুকা ৰাজনীতি আজমলৰ
পানী জাৰি ভোটাৰৰ মন জয়ৰ প্ৰচেষ্টা আজমলৰ

অৱশ্যে AIUDF প্ৰধানগৰাকীৰ এই জৰা-ফুকা কাহিনী বহু পুৰণি ৷ গতিকে এইবাৰ

অকল জৰা-ফুকা পানীয়েই নহয়
মঞ্চত চকুপানী টুকিলে আজমলে

ইয়াৰ পাছতে আজমলে নিজকে পৰিৱৰ্তন কৰিলে এগৰাকী ব্যৱসায়ী ৰূপে ৷ বিজেপি চৰকাৰৰ দিনত ক্ষতি হৈছে আজমলৰ ব্যৱসায়ত ৷

নিজৰ ব্যৱসায়ক লৈ দুখী আজমল
২০১৪ চনৰ পৰা ব্যৱসায় বঢ়াব পৰা নাই AIUDF প্ৰধানে

মুঠতে ভোট লাগে ৷ ভোটাৰৰ মন জয় কৰিবলৈ প্ৰয়োজন অনুসৰি ডায়েলগ ফিটিং ৰাজনৈতিক নেতাসকলৰ ৷ অৱশেষত কাৰ, কি ডাইলগত সন্তুষ্ট হ’ব ভোটাৰ সেয়া স্পষ্ট হ’ব ৫ নৱেম্বৰত ৷

Leave A Reply

Your email address will not be published.