danewsplus.com
danewsplus.com

T-20 বিশ্বকাপৰ আৰম্ভণি সুখকৰ নহল টিম ইণ্ডিয়াৰ বাবে

0 225

ডিজিটেল ডেস্কঃ T-20 বিশ্বকাপৰ আৰম্ভণি সুখকৰ নহল টিম ইণ্ডিয়াৰ। দেওবাৰৰ বহু প্ৰতিক্ষিত হাই ভল্টেজ মেচত পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হ’ল কোহলি বাহিনী৷ বিশ্বকাপ ক্ৰিকেটৰ মহা মঞ্চত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ হাতত পৰাস্ত হ’ল ভাৰত৷ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৫১ ৰান।

প্ৰথমটো অভাৰতেই ভাৰতীয় দলক মোক্ষম আঘাত হানে পাকিস্তানৰ বেগী বলাৰ শ্বাহীন আফ্ৰিদীয়ে । আফ্ৰিদীৰ চতুৰ্থটো বলত এল বি ডব্লিউ হৈ আউট হয় ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতি যায়।

পৰৱৰ্তী সময়ত অধিনায়ক বিৰাট কোহলীয়ে ব্যক্তিগত ৫৭ ৰান সংগ্ৰহেৰে দলক সন্মানজনক স্থিতিত উপনীত কৰায়। অৱশ্যে ভাৰতে নিৰ্ধাৰিত অভাৰত ১৫১ ৰান সংগ্ৰহ কৰিলেও দলৰ জয়ৰ বাবে সেয়া পৰ্যাপ্ত নহ’ল।
প্ৰত্যুত্তৰত পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈয়ে ১৭.৫ অভাৰতে ১৫২ ৰানৰ জয়ৰ লক্ষ্যত উপনীত হয়। আৰম্ভণিৰ মেচত পৰাস্ত হলেও চলিত T-20 বিশ্বকাপত কেইবা খনো মেচত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব ভাৰতে।

Leave A Reply

Your email address will not be published.