danewsplus.com
danewsplus.com

সমাগত পোহৰৰ উৎসৱ দীপাৱলী, কিন্তু অন্ধকাৰত মৃৎ শিল্পীসকল

0 432

ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন। চৌদিশে এতিয়া দীপাৱলী উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ প্ৰতিজন হিন্দু ধৰ্মাৱলম্বী লোকেই এতিয়া অপেক্ষাৰত দীপাৱলীলৈ। সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল ৷

কিন্তু আনৰ ঘৰ পোহৰাবলৈ শ্ৰম কৰা শিল্পী আজি অন্ধকাৰত ৷ কাৰণ চাহিদা নাই এতিয়া পোহৰৰ উৎসৱ দীপাৱলীত থলুৱা কুমাৰসকলে নিৰ্মাণ কৰা হস্ত নিৰ্মিত মাটি চাকিৰ। থলুৱা কুমাৰ সকলে নিৰ্মাণ কৰা হস্ত নিৰ্মিত মাটি চাকিৰ পৰিৱৰ্তে বজাৰত পয়োভৰ ঘটিছে বহিৰাগত সামগ্ৰীৰ। বজাৰত বহিৰাগত ইলেকট্ৰনিক সামগ্ৰীৰ পয়োভৰে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে থলুৱা কুমাৰ সকলক। জুৰুলা কৰিছে আৰ্থিক ভাৱে কুমাৰ সকলক যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে থলুৱা কুমাৰসকলে।

Leave A Reply

Your email address will not be published.