danewsplus.com
danewsplus.com

উত্তৰ প্ৰদেশত ৪০ শতাংশ মহিলাক টিকট দিব কংগ্ৰেছে

0 215

ডিজিটেল ডেস্কঃ মহিলা সবলীকৰণক বাস্তৱায়িত কৰাৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪০ শতাংশ টিকট মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছে৷ কংগ্ৰেছৰ উত্তৰ প্ৰদেশৰ তত্ত্বাৱধায়ক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ৷

লক্ষ্ণৌত মঙলবাৰে এক সংবাদমেলযোগে ঘোষণা কৰে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই৷ প্ৰিয়ংকা গান্ধীয়ে কয় যে ঘৰতেই হওঁক বা বাহিৰতেই হওঁক নিতৌ মহিলাই সংঘৰ্ষ কৰিব লগা হয়৷ মহিলাসকল ৰাজনীতিলৈ অহাটো অত্যন্ত প্ৰয়োজন৷

এই নাৰী শক্তিৰেই আমি পৰিৱৰ্তন সাধন কৰিব পাৰো৷ মহিলাই নিজেই মহিলাৰ হকে কাম কৰিব লাগিব৷ পুৰুষৰ সমানেই নিৰ্বাচনত ভাগ লৈ সৱলীকৰণৰ দিশত মহিলাসকলে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰে প্ৰিয়ংকা গান্ধীয়ে৷

Leave A Reply

Your email address will not be published.