danewsplus.com
danewsplus.com

বাক্সাৰ বহু গাঁৱত নজ্বলে কাতি বিহুৰ চাকি-বন্তি

0 186

ডিজিটেল সংবাদ, মুছলপুৰঃ বাক্সাৰ কেইবাখনো গাঁৱত আজি নজ্বলে কাতি বিহুৰ চাকি-বন্তি৷ জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বগুলামাৰী, শিয়ালদাৰা, দক্ষিণকুছি, সূৱণখাটা বগৰীবাৰী আদি গাঁৱৰ পথাৰসমূহ এতিয়া ছন পৰি ৰৈছে৷ পানীৰ অভাৱত ছন পৰি ৰৈছে হাজাৰতকৈও অধিক বিঘা মাটি৷

যোৱাবছৰ বাঢ়নী পানীয়ে গাঁও দুখনৰ মাজেৰে বৈ যোৱা যানটোৰ মথাউৰি উটুৱাই নিয়াত শুকাই যায় খেতিপথাৰসমূহ৷ ফলত খেতিয়েই কৰিব নোৱাৰিলে কৃষকসকলে৷ খেতিপথাৰত এতিয়া গৰু এৰাল দিছে কৃষক ৰাইজে৷ এই অঞ্চলসমূহত খেতিয়কৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে কৃষি বিভাগৰ বিৰুদ্ধে৷

Leave A Reply

Your email address will not be published.