danewsplus.com
danewsplus.com

মূল্যবৃদ্ধিৰ প্ৰসংগত অখিল গগৈৰ প্ৰতিক্ৰিয়া

0 187

ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিৰ প্ৰসংগত এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অখিল গগৈয়ে কয় যে, মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশৰ জনতাক৷ জনগণ আৰু সংবাদ মাধ্যমে মূল্যবৃদ্ধিক মূল ইছ্যু হিচাপে ল’ব লাগে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

মোদীৰ শাসন কালতে দেশত সৰ্বাধিক হাৰত মূল্যবৃদ্ধি ঘটা বুলি দাবী কৰে অখিল গগৈয়ে৷ উপ-নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে দাবী কৰে যে থাওৰা সমষ্টিত উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব৷ লগতে মৰিয়নীত বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছ দলক ৰাইজৰ দলৰ সৈতে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে৷

Leave A Reply

Your email address will not be published.