danewsplus.com
danewsplus.com

ছুপাৰ ডান্সাৰ ছিজন -৪ ৰ ট্ৰফী লৈ যোৰহাটত ফ্ল’ৰিনা গগৈ

0 318

ডিজিটেল ডেস্কঃ টিভিৰ ৰিয়েলিটী শ্ব’ চুপাৰ ডান্সাৰ চিজন ৪ৰ খিতাপ লাভ কৰা অসম কন্যা ফ্ল’ৰিনা গগৈ মঙলবাৰে স্ব-গৃহত উপস্থিত হোৱাৰ পিছতে অগণন লোকে আদৰণি জনায়। আন আন বহু প্ৰতিযোগীৰ মাজত ফ্ল’ৰিনাই নিজৰ পাৰদৰ্শিতাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছিল। সেই সময়ৰে পৰা গৃহ চহৰ যোৰহাটৰ লগতে সমগ্ৰ অসমবাসীৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কণমানি ফ্ল’ৰিনা গগৈ। সোমবাৰে বৰঝাৰ বিমান বন্দৰত উপস্থি্ত হোৱাৰ পিছতে ফ্ল’ৰিনা গগৈক সকলো লোকে আদৰণি জনাইছিল। মঙলবাৰে কণমানি ফ্ল’ৰিনা যোৰহাটৰ গৃহত উপস্থিত হোৱাৰ পূৰ্বৰে পৰা একাংশ লোকে তেওঁক স্বাগতম জনাবলৈ অপেক্ষা কৰি আছিল।

ফ্ল’ৰিনা গগৈৰ ফেন ক্লাৱৰ তৰফৰ পৰা যোৰহাটৰ পৰা মৰিয়নীলৈকে এটা ৰেলীও বাহিৰ কৰা হয়। উল্লেখ্য যে, চুপাৰ ডান্সাৰ চিজন ৪ৰ খিতাপ অৰ্জন কৰি ফ্ল’ৰিনা গগৈয়ে ইতিমধ্যে চনী টিভিৰ তৰফৰ পৰা ১৫ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে তেওঁৰ গুৰুকো প্ৰদান কৰা হৈছে ৫ লাখ টকা।

চুপাৰ ডান্সাৰ চিজন ৪ৰ প্ৰতিটো খণ্ডতে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ফ্ল’ৰিনা অতি কম সময়তে অসমবাসীৰো নয়নৰ মণি হৈ পৰিছিল ।

Leave A Reply

Your email address will not be published.