danewsplus.com
danewsplus.com

মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২১ৰ অৰ্থনীতিৰ নোবেল, ৩গৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ এই বঁটা

0 298

ডিজিটেল ডেক্সঃ মাৰ্কিন অৰ্থনীতিবিদলৈ চলিত বছৰৰ অৰ্থনীতিৰ নোবেল ৷ তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদ ডেভিড কাৰ্ড, যশ্বুৱা আংৰিষ্ট আৰু গুইড’ ইমবেন্সলৈ আগবঢ়োৱা হৈছে ২০২১ৰ অৰ্থনীতিৰ নোবেল৷

নূন্যতম মজুৰি বৃদ্ধিৰ পৰা ফাষ্টফুড খণ্ড তথা প্ৰব্ৰজনৰ ওপৰত বাস্তৱ পৃথিৱীখনৰ অৰ্থনীতিয়ে পেলোৱা প্ৰভাৱ সম্পৰ্কত কৰা অনুসন্ধানৰ বাবে এই তিনি অৰ্থনীতিবিদলৈ আগবঢ়োৱা হৈছে চলিত বছৰৰ অৰ্থনীতিৰ নোবেল৷

কানাডাত জন্মা ডেভিড কাৰ্ড বাৰ্কলেস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ৷ জন্মসূত্ৰে ইজৰাইলী যশ্বুৱা আংৰিষ্ট MITৰ অধ্যাপক ৷ আনহাতে, নেদাৰলেণ্ডছত জন্মগ্ৰহণ কৰা গুইডো ইমবেনছ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ৷

Leave A Reply

Your email address will not be published.