danewsplus.com
danewsplus.com

মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ দুষ্কৃতিকাৰীয়ে এজন যুৱকৰ হাতত তুলি দিছে পিষ্টল

0 236

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ৷ মুখ্যমন্ত্ৰীগৰাকীক হত্যা কৰিবলৈ দুষ্কৃতিকাৰীয়ে এজন যুৱকৰ হাতত তুলি দিছে পিষ্টল৷ কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীকো হত্যাৰ নিৰ্দেশ দিছে যুৱকজনক৷ এটা ভিডিঅ’ বাৰ্তাত হাতত পিষ্টল লৈ এজন যুৱকে কৰিছে এই দাবী৷

নিজৰ দোকানৰ বাবে ডিমাপুৰলৈ কাপোৰ আনিবলৈ যোৱা লখিমপুৰৰ এজন যুৱকক মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ হাতত মাৰণাস্ত্ৰ তুলি দিলে দুৰ্বৃত্তৰ দলে৷ ৮ অক্টোবৰত ডিমাপুৰলৈ যোৱা ঢকুৱাখনাৰ বাঁহপৰা গাঁৱৰ শৰৎ দাসক অপহৰণ কৰিছিল মাৰণাস্ত্ৰৰে সুসজ্জিত এটা দুৰ্বৃত্তৰ দলে৷

শৰতৰ হাতত থকা ৩ লাখ ৩৫ হাজাৰ টকা কাঢ়ি লৈছিল দুৰ্বৃত্তৰ দলটোৱে৷ শৰতৰ হাতত থকা পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰও কাঢ়ি লয় দুৰ্বৃত্তই৷ ইয়াৰ পিছত যুৱকজনৰ হাতত এটা পিষ্টল এটা কোঠাত আবদ্ধ কৰি ৰাখে দুৰ্বৃত্তই৷ দুৰ্বৃত্তৰ দলটোৱে যুৱকজনে দিয়া পিষ্টটোৰে মুখ্যমন্ত্ৰী আৰু ৰূপজ্যোতি কুৰ্মীক হত্যাৰ নিৰ্দেশ দিছে৷

অজ্ঞাত স্থানত আবস্থ হৈ থকা যুৱকজনে সংবাদমাধ্যমক দিয়া ভিডিঅ’ বাৰ্তা যোগে জনালে এই বিস্ফোৰক কথা৷ সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে প্ৰাণনাশৰ ভাবুকি দিয়া যুৱকজনে তেওঁক উদ্ধাৰৰ বাবে কাতৰ আহ্বান জনাইছে অসম আৰক্ষীক৷

Leave A Reply

Your email address will not be published.