danewsplus.com
danewsplus.com

ICUত ভৰ্তি কৰাবলৈ চিকিৎসকক কেনেকৈ ভাবুকি প্ৰদান কৰিছিল ৰাজকন্যাই?

0 391

ডিজিটেল ডেস্কঃ ৰাজকন্যা বৰুৱা কাণ্ডৰ নতুন মোৰ। ৰাজকন্যাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। GNRCত ভৰ্তি হোৱাৰ পিছত চিকিৎসকক ভাবুকি প্ৰদান কৰিছিল ৰাজকন্যাই। জেনেৰেল কেবিনৰ পৰা Semi ICUত ভৰ্তি কৰোৱাবলৈ চিকিৎসকক হেঁচা প্ৰয়োগ কৰিছিল ৰাজকন্যাই।

Semi ICUত ভৰ্তি নকৰিলে চিকিৎসালয়তে আত্মহত্যা কৰাৰ ভাবুকি দিছিল। চিকিৎসক নভনীল বৰুৱাক হেঁচা প্ৰয়োগ কৰাত শংকিত হৈ Semi ICUত ভৰ্তি কৰোৱা হৈছিল ৰাজকন্যাক।

ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে ৰাজকন্যাই মেছেজযোগে চিকিৎসকগৰাকীক দিয়া ভাবুকিৰ তথ্য।

আৰক্ষীৰ জেৰাত চিকিৎসক বৰুৱাৰ ভাষ্য-‘ৰাজকন্যাই ২ অক্টোবৰত আদালতৰ পৰা জামিন লাভৰ পিছত ৩ অক্টোবৰতহে ভৰ্তি হৈছিল GNRCত। GNRCৰ জেনেৰেল কেবিনত থাকিব বিচৰা নাছিল ৰাজকন্যাই।’

উল্লেখ্য যে, ৰাজকন্যা চিকিৎসালয়ত ভৰ্তি হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ উৰ্ধতন মহলকো অৱগত কৰিছিল ডাঃ নভনীল বৰুৱাই।

Leave A Reply

Your email address will not be published.