danewsplus.com
danewsplus.com

দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত এতিয়া ৰাজ্যৰ মৃন্ময় শিল্পীসকল, ব্যতিক্ৰমী ৰূপত মৃন্ময় শিল্পী সঞ্জয় চন্দ

0 396

ডিজিটেল ডেস্কঃ সমাগত শাৰদীয় দুৰ্গা পূজা। দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত ৰাজ্যৰ মৃন্ময় শিল্পীসকল। তাৰ মাজতেই চিৰাঙৰ বাসুগাঁৱত ব্যতিক্ৰমী ৰূপত দেখা গল মৃন্ময় শিল্পী সঞ্জয় চন্দক।

প্ৰতি বছৰে নতুন নতুন পৰিকল্পনাৰে দেৱী প্ৰতিমা সাজি উলিওৱা মৃন্ময় শিল্পী সঞ্জয় চন্দই এইবাৰ সাজি উলিয়াইছে মচুৰ দাইল,মটৰ মাহ,চাউলৰ উপৰিও দিয়াচলাইৰ কাঠিৰে আটকধুনীয়া দেৱী প্ৰতিমা।

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ চাৰি নম্বৰ ৱাৰ্ড বিবেকানন্দ পল্লীৰ মৃন্ময় শিল্পী সঞ্জয় চন্দই এইবেলি দুটাকৈ দূৰ্গা দেৱীৰ প্ৰতিমা সাজি উলিয়াইছে। বিগত বছৰত কৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰতিমা সজাৰ কাম বন্ধ আছিল যদিও সম্প্ৰতি কৰনা মহামাৰীয়ে সৰ্বসাধাৰণ লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা বাবে বাৰ্তা হিচাপে শিল্পী জনে মুল্য বৃদ্ধিত জুৰুলা সমাজ ব্যৱস্থাক দেৱী দুৰ্গাৰ প্ৰতিমাত ফুটাই তুলিবলৈ চেষ্টা কৰিছে।

সমাগত শাৰদীয় দূৰ্গা পূজাত এই প্ৰতিমাক প্ৰতিষ্ঠা কৰিব বাসুগাঁও চহৰৰ মেইন ৰোড পূজা কমিটীৰ পূজা মণ্ডপত। বাসুগাঁও চাৰি নম্বৰ ৱাৰ্ডৰ বিবেকানন্দ পল্লীৰ শিল্পী জনে দিয়াচলাইৰ কাঠি, নাৰিকলৰ ৰচী, চাউল আদি সামগ্ৰীৰে সজা আন এটি দুৰ্গা দেৱীৰ প্ৰতিমাই এইবাৰ ঠাই পাব গুৱাহাটী মহানগৰীত।

গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীৰ ৰথখলাৰ পূজা মণ্ডপত শিল্পী গৰাকীৰ দেৱী প্ৰতিমাই স্থান পাব বুলিও উল্লেখ কৰে মৃন্ময় শিল্পী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.