danewsplus.com
danewsplus.com

এতিয়াৰে পৰা নিমাতী-মাজুলী জলপথত চলিব দুখনকৈ অত্যাধুনিক জাহাজ

0 156

ডিজিটেল ডেস্কঃ আওপুৰণি বিপদসংকুল নৌকা যাত্ৰাৰে আপুনি আৰু এতিয়া পাৰাপাৰ হ’ব নালাগে নিমাতী মাজুলীৰ মাজৰ জলপথ। আওপুৰণি বিপদসংকুল নৌকাৰ পৰিৱৰ্তে নিমাতী ঘাটত সংযোজন ঘটিছে ইখনৰ পিছত সিখন অত্যাধুনিক জাহাজ। শনি বাৰৰ দিনটোত গুৱাহাটীৰ পৰা আহি পালে ৰাজলক্ষ্মী আৰু ডিগাৰু।

ৰ’পেক্সৰ সমানে দেওবাৰৰ পৰা নিমাতী-মাজুলী জলপথত চলিব অত্যাধুনিক এম ভি ৰাজলক্ষ্মী আৰু আৰ, পি, এল,ডিগাৰু। লগতে আহি আছে আপোনাৰ যাত্ৰাত সহায়ৰ বাবে কেটামাৰান। এশ গৰাকী যাত্ৰী আৰু পঞ্চাশখন মটৰচাইকেল লৈ যাব পৰা কেটামাৰান নিমাতী ঘাটত সংলগ্ন হ’ব সাত দিনৰ ভিতৰত।

মুঠ ছয় খন কৈ ফেৰী আৰু জাজাহত এতিয়া নিৰাপদে পাৰাপাৰ হ’ব পাৰিব ব্ৰহ্মপুত্ৰৰ জলপথ। আনহাতে বৰ্তমান সময়ত দুখন কৈ ৰ’পেক্সৰ চলাচল অব্যাহত আছে।

Leave A Reply

Your email address will not be published.