danewsplus.com
danewsplus.com

কিয় নিজৰ গালতে ১০ চৰ মাৰিলে বিতৰ্কিত ৰূপজ্যোতি কুৰ্মীয়ে?

0 113

ডিজিটেল ডেস্কঃ হাইকামাণ্ডৰ কামাণ্ড মানি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে নিজৰ গালত নিজে চৰ মাৰিলে বিতৰ্কিত ৰূপজ্যোতি কুৰ্মীয়ে। নিজৰ গালতে নিজে চৰ মাৰি ক্ষমা বিচাৰি আজি পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় কুৰ্মী। লগতে নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে।

দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে ২০টাকৈ দিন উলহ মালহে উদযাপন কৰাৰ অংশস্বৰূপে আজিৰ এই দিনটোত যুৱনেতাগৰাকীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয়। লগতে প্ৰাক্তন বিধায়কগৰাকীয়ে ভকত বৈষ্ণৱৰ বাবে প্ৰায় দেৰশখন দলিচা যোগান ধৰিছে বুলি মন্তব্য প্ৰকাশ কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎত উপ নিৰ্বাচন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কুৰ্মীয়ে কয় যে কোনো কাৰণতে মৰিয়নিবাসীয়ে তেওঁক প্ৰত্যাখ্যান নকৰে। মৰিয়নিবাসীয়ে তেওঁক কংগ্ৰেছী বুলি ভোট নিদিয়ে, প্ৰতিজন সমষ্টিবাসীৰ সৈতে থকা সু সম্পৰ্কৰ বাবেহে চৰিবাৰকৈ তেওঁ জয়ী হৈছে। লগতে কংগ্ৰেছক বৰ্তমান ডুবন্ত নাওঁ বুলি আখ্যা দি ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলো একলগ হ’লেও অনাগত নিৰ্বাচনত ৰাইজে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত পুনৰ তেওঁৰ সপক্ষেই ভোট প্ৰদান কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.