danewsplus.com
danewsplus.com

পৰিৱেশ সংৰক্ষণৰ বাবে তিনিজন স্কুলীয়া ছাত্ৰৰ বিশেষ পদক্ষেপ

0 169

পৰিৱেশ সংৰক্ষণৰ বাবে আৰু গোলকীয় উষ্ণতা বৃদ্ধি পোৱাক লৈ এইবাৰ কণ কণ স্কুলীয়া ছাত্ৰৰ এক বিশেষ পদক্ষেপ। মিছন ৫০০ নামেৰে জনসাধাৰণক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে শংকৰদেৱ বিদ্যালয়ৰ তিনিজন ছাত্ৰই।

উল্লেখ্য যে, ছাত্ৰ তিনিজনে প্ৰকৃতিৰ সংৰক্ষণ কৰা বাণী লৈ মঙ্গলবাৰে পুৱা ৫০০ কিলোমিটাৰ দূৰত্বত চাইকেল চলাই সজাগতা সৃষ্টিৰ আৰম্ভণি কৰে। মৰিগাঁও জিলাৰ পৰা চাইকেল চলাই তেজপুৰত উপস্থিত হৈ তেজপুৰ চহৰৰ ইতিহাস প্ৰসিদ্ধ অগ্নিগড়ৰ পৰা চাইকেল চলাই সজাগতা সৃষ্টি কৰে।

ইফালে, ছাত্ৰ তিনিজনৰ দুজন অষ্টম শ্ৰেণীৰ মৰিগাঁও জিলাৰ শংকৰদেৱ বিদ্যালয়ৰ নয়নমণি বৰা আৰু বিবেক পাতৰ। লগতে আনজন নৱম শ্ৰেণীৰ গুৱাহাটী শংকৰদেৱ বিদ্যালয়ত অধ্যয়নৰত বিনিত কলিতা।

Leave A Reply

Your email address will not be published.