danewsplus.com
danewsplus.com

তালিবানৰ অন্তৰ্বৰ্তীকালীন আফগানিস্তান চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল

0 203

ডিজিটেল ডেস্কঃ তালিবানৰ অন্তৰ্বৰ্তীকালীন আফগানিস্তান চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল। ৯/১১ কাণ্ডৰ ২০ সংখ্যক বৰ্ষপূৰ্তিত অন্তৰ্বতীকালীন কেবিনেটৰ শপত গ্ৰহণৰ কথা আছিল ১১ ছেপ্তেম্বৰত। বাতৰি অনুসৰি ভাৰত, চীন, তুৰস্ক, পাকিস্তান, ইৰান, কাটাৰ, ৰাছিয়া আৰু আমেৰিকালৈ শপত গ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰও প্ৰেৰণ কৰিছিল।

ইতিমধ্যে ৰাছিয়াই তালিবানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰিছে। ইফালে তালিবান চৰকাৰৰ সাংস্কৃতিক আয়োগৰ এগৰাকী সদস্য ইনামুল্লা ছামাংগানিয়ে প্ৰকাশ কৰিছে যে অন্তৱৰ্তীকালীন চৰকাৰখনে শপত গ্ৰহণ নকৰাৰ সিদ্ধান্ত কেইবাদিনো পূৰ্বেই গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.