danewsplus.com
danewsplus.com

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মজয়ন্তী

0 549

ডিজিটেল ডেস্কঃ অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্র ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৫ সংখ্যক ওপজা দিন । আজিৰ দিনটোত অসমৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰা হৈছে সুধাকণ্ঠগৰাকীক । উল্লেখ্য যে, জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আৰু দিঘলীপুখুৰীতো সুধাকণ্ঠ গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে।

বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠিত কৰা আমাৰ সকলোৰে আদৰ্শস্বৰূপ ড° ভূপেন হাজৰিকা একেধাৰে অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্র পৰিচালক আৰু আলোচনীৰ সম্পাদক।

সুধাকণ্ঠ গৰাকীয়ে অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশটো জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী।

উল্লেখ্য যে, অসমীয়া,বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়।

সুধাকণ্ঠ গৰাকীৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভুত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। Da News Plus ৰ পৰাও সুধাকণ্ঠ গৰাকীৰ ৯৫ সংখ্যক ওপজা দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

Leave A Reply

Your email address will not be published.