danewsplus.com
danewsplus.com

আফগানিস্তানত শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি তালিবানৰ

0 223

ডিজিটেল ডেস্কঃ পঞ্জশিৰ দখলৰ দাবীৰ পিছত এতিয়া আফগানিস্তানত শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে তালিবানে৷ চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাকিস্তান, চীন, ৰাছিয়া, কাটাৰ, তুৰস্ক, ইৰাণক৷ নাম নাই ভাৰতৰ৷ অৱস্থান সলাবলৈ দিল্লীক অনুৰোধ জনাইছে তালিবানে৷

পঞ্জশিৰ প্ৰদেশৰ ৰাজ্যপালৰ ভৱন আৰু অন্যান্য ঠাইত এতিয়া দেখা গৈছে তালিবানৰ দলক৷ ইফালে, তালিবানৰ পঞ্জশিৰ দখলৰ দাবী মিছা আখ্যা দিছে নেশ্যনেল ৰেজিষ্টেন্সে৷ আমৃত্যু পৰ্যন্ত তালিবানৰ বিৰুদ্ধে যুঁজ চলাই যোৱা হুংকাৰ দিছে নেশ্যনেল ৰেজিষ্টেন্সে৷

আনহাতে, আফগানিস্তানৰ সন্ত্ৰাস যিকোনো সময়তে কাশ্মীৰলৈ বিয়পিব পাৰে বুলি ভাৰতক সতৰ্ক কৰি দিছে ৰাছিয়াই৷ অৱশ্যে তেনে পৰিস্থিতিত ভাৰতৰ সৈতে মিলি সন্ত্ৰাস ৰোধ কৰা হ’ব বুলি মন্তব্য কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে৷

Leave A Reply

Your email address will not be published.