danewsplus.com
danewsplus.com

এইবাৰ চীনৰ নাগপাশত বন্দী হ’ব নেকি আফগানিস্তান? জাল পেলালে চীনে

0 286

ৰুবুল দাস

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰূপে পৰিগণিত হ’বলৈ চীনৰ আকাংক্ষা এইবাৰ প্ৰসাৰিত হৈছে আফগানিস্তানলৈ। দেশখনৰ শাসনৰ ভাৰ তালিবানে আঁজুৰি নিয়াৰ পাছত ৰঙাচকু পৰিছে ৰঙাচীনৰ। কুখ্যাত ‘ৱান বেল্ট, ৱান ৰোড’ কাৰ্যসূচীৰ অধীনত আফগানিস্তানকো সামৰি লোৱাৰ বাবে চেষ্টা কৰিছে চীনে। আনহাতে চীনৰ এই অভিসন্ধিত ভৰি থ’লে তালিবানে।

যুদ্ধবিধ্বস্ত আফগানিস্তানত বিনিয়োগৰ প্ৰস্তাৱ বেইজিঙৰ। বেইজিঙৰ এই প্ৰস্তাৱলৈ পৰম আনন্দেৰে সমৰ্থনো জনালে তালিবানে। তালিবানৰ এগৰাকী মুখপাত্ৰ জাবিউল্লা মহম্মদৰ এটা ভাষ্যৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে। জাবিউল্লা মহম্মদে প্ৰকাশ কৰিছে যে চীন এতিয়া তালিবানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সহযোগী। দেশখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে চীন আগবাঢ়ি আহিছে। দেশখনৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰিবলৈ আগুৱাই আহিছে চীন। আফগানিস্তানৰ তামৰ খনিসমূহ বিশ্ববিখ্যাত। এতিয়া যুদ্ধকালীন পৰিৱেশৰ বাবে বছৰ বছৰ ধৰি এই খনিসমূহ বন্ধ হৈ আছে। চীনে পুনৰুজ্জীৱিত কৰিব দেশখনৰ তামৰ খনি। চীনে এছিয়া, আফ্ৰিকা আৰু ইউৰোপক সংযুক্ত কৰিবলৈ ‘ৱান বেল্ট, ৱান ৰোড’ৰ যি অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছে তাত সংযুক্ত হৈ পৰিব আফগানিস্তানো।

যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পুনৰ নিৰ্মাণ আৰু দেশখনত বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে চীনে। নিশ্চিতভাৱে আফগানিস্তানৰ বিকাশত চীনৰ এই কাৰ্যসূচীয়ে সহায় কৰিব। তেন্তে ইয়াত নাগপাশৰ কথা আহিল ক’ৰ পৰা?

অতি চমুকৈ ক’বলৈ হ’লে, চীনৰ ‘ৱান বেল্ট, ৱান ৰোড’ প্ৰকল্প হৈছে ৰাষ্ট্ৰ এখনক ডেট ট্ৰেপত বন্দী কৰাৰ আহিলা। বিভিন্ন দেশক ইতিমধ্যে এই প্ৰকল্পৰ অধীনত সৰ্বস্বান্ত কৰাৰ দীঘলীয়া তালিকা আছে। শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰ দখল কৰিছে চীনে। আনকি শ্ৰীলংকাৰ ৰাজধানী চহৰ কলম্বোৰ পুনৰ নিৰ্মাণৰ যি অভিলাসী আঁচনি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আফ্ৰিকাৰ কেইবাখনো দেশ চীনৰ হাতোৰাত বন্দী।

‘ৱান বেল্ট, ৱান ৰোড’ প্ৰকল্পৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ শিতানত চীনে উচ্চ হাৰৰ সুতৰ বিনিময়ত ঋণ দিয়ে। প্ৰকল্পৰ অধীনত নিৰ্মাণকাৰ্যও বহু সময়ত চীনে নিজেই কৰে। নিৰ্মাণকাৰ্যত নিয়োজিত কৰ্মীও আহে চীনৰ পৰা। আন্তঃগাঁথনি উন্নয়নৰ বাবে চীনে যি বিশাল ধনৰাশি ঋণ হিচাপে দিয়ে, সেয়া পৰিশোধ কৰাটো দেশখনৰ বাবে কঠিন হৈ পৰে। বিশাল কৰৰ বোজা মূৰত লৈ চীনে আগবঢ়োৱা যিকোনো প্ৰস্তাৱ মানি ল’বলৈ বাধ্য হৈ পৰে দেশখন। আমি ইতিমধ্যে উল্লেখ কৰা শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰ তাৰেই এটা উত্কৃষ্ট উদাহৰণ। পাকিস্তানতো এই কুখ্যাত প্ৰকল্পত অধীনত চীনে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। তাৰ ভিতৰত চাইনা-পাকিস্তান ইক’নমিক কৰিডৰ, চমুকৈ চিপেকৰ কথাও উল্লেখ কৰিব পাৰি।

এতিয়া স্পষ্ট প্ৰশ্ন- ‘ৱান বেল্ট, ৱান ৰোড ইনিচিয়েটিভ’ৰ দ্বাৰা আফগানিস্তানতো বক্ৰ দৃষ্টি পেলাইছে নেকি চীনে? তালিবানে নিজেই আফগানিস্তানক চীনৰ মুখত পেলাই দিছে নেকি? সেউজ সংকেত লাভ কৰা চীনে হয়তো আফগানিস্তানত শীঘ্ৰে বিনিয়োগ আৰম্ভ কৰিব, হয়তো ৰাজধানী চহৰ কাবুলৰ চেহেৰাই সলনি কৰি দিব। চীনৰ সহযোগত যুদ্ধবিধ্বস্ত আফগানিস্তানৰ ৰূপ সলনি হোৱাৰ পাছত তালিবানেও উন্নয়নৰ জয়গান গাব পাৰে। কিন্তু চীনৰ কৰৰ বোজা মূৰৰ পৰা কেনেকৈ আঁতৰ কৰিব? কেইটামান বছৰ বা দশকৰ পাছত আফগানিস্তানত চীনে আৰম্ভ কৰিব নেকি আন এক উপনিৱেশ?

Leave A Reply

Your email address will not be published.