danewsplus.com
danewsplus.com

পুনৰ মেঘালয়ত অসমৰ কাৰ্বি ভূমিৰ লোকৰ ওপৰত খাছীৰ আক্ৰমণ

0 186

ডিজিটেল ডেক্সঃ মঙ্গলবাৰে ছাবুদাৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ যোৱা কাৰ্বি ভূমিৰ দুখন টাটা চুমু গাড়ীত আক্ৰমণ চলাই খাছী লোকে। ML 05J-8543 আৰু ML 10B-0728 নম্বৰৰ দুখন টাটা চুমু গাড়ীৰ পৰা যাত্ৰীক নমাই মাৰপিট কৰে কেইজনমান খাছী লোকে । বিনুদ তামাং আৰু সুৰজ পৌখ্ৰেলক মাৰধৰ কৰে খাছী লোক কেইজনে।

উল্লেখ্য যে, অসম-মেঘালয় সীমান্ত ছাবুদাৰ পৰা ৫-৬ কিলোমিটাৰ ভিতৰত মেঘালয়ৰ মাউলাছনাই আৰক্ষী চকীৰ অন্তৰ্গত মাউছুট নামৰ ঠাইত সংঘটিত হৈছে এই আক্ৰমণ। কাৰ্বি ভূমিৰ গাড়ী প্ৰৱেশক বাধা প্ৰদান কৰাৰ লগতে এচাম খাছী লোকে গাড়ী জ্বলাই দিয়াৰো ধমকি দিয়ে গাড়ী চালকক।

Leave A Reply

Your email address will not be published.