danewsplus.com
danewsplus.com

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ সাজু ৬৮ বছৰীয়া এজন দুৰন্ত তৰুণ

0 177

ডিজিটেল ডেক্সঃ ৰাষ্ট্ৰীয় এথলেটিকচ খেলাৰ পাছত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ মনে প্ৰাণে সাজু ৬৮ বছৰীয়া এজন অৱসৰ প্ৰাপ্ত কৰ্মচাৰী।

সাধাৰণতে অৱসৰ গ্ৰহণ কৰি এজন ব্যক্তিয়ে কি কৰে বাৰু? বহুতেই হৰি নামত ধৰে, বহুতে আগৰ কথা ৰোমন্থন কৰি ঘৰতে শুই বহি দিন পাৰ কৰে।

কিন্তু এইজন অৱসৰ প্ৰাপ্ত কৰ্মচাৰী অলপ ব্যতিক্ৰমী। তেওঁ হৈছে যোৰহাটৰ চতাইৰ কোষেশ্বৰ গগৈ। তেওঁ ২০১২ চনতে আৰক্ষী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ শুই বহি দিন নকটাই খেল জগতত ভৰি দিয়ে আৰু যথেষ্ট সফলতা লাভ কৰে। বৰ্তমান ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকচ খেলি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিবলৈ সাজু হৈ আছে ৬০ ঊৰ্ধ্বৰ এই ব্যক্তিজন।

Leave A Reply

Your email address will not be published.