danewsplus.com
danewsplus.com

লখিমপুৰত নকল সোণ কিনিবলৈ আহি আৰক্ষীৰ জালত পৰিল ৪ যুৱক

0 386

ডিজিটেল ডেস্কঃ লখিমপুৰৰ নাওবৈচাত অব্যাহত আছে নকল সোণৰ বেহা৷ এইবাৰ নকল সোণ কিনিবলৈ আহি আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যৰ ৪ যুৱক৷ আৰক্ষীয়ে আটক কৰা যুৱককেইজন পশ্চিমবংগৰ ইনতাহজুল শ্বেখ, মহাসেন শ্বেখ, ছাৰজুল ইছলাম আৰু ছাদ্দাম হুছেইন৷

যুৱককেইজনৰ সন্দেহজনক গতিবিধি দেখা পাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যই দলগাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে চাৰিওকে৷ আৰক্ষীৰ জেৰাত নাওবৈচাৰ ম’হঘূলিৰ ৰাজিবুল নামৰ নকল সোণ ব্যৱসায়ীৰ পৰা উক্ত সোণখিনি ক্ৰয় কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰে বহিঃৰাজ্যৰ ৪ যুৱকে৷

Leave A Reply

Your email address will not be published.