danewsplus.com
danewsplus.com

ক’ভিডৰ তৃতীয় ঢৌৰ আশংকাৰ সময়তে স্বয়ং স্বাস্থ্য মন্ত্ৰীৰ ক’ভিড প্ৰ’টকল ভংগ

0 227

ডিজিটেল ডেস্কঃ মানুহ আৰু মানুহ, কেৱল মানুহ৷ ক’ভিডক লৈ যেন কাৰোৰে মনত নাই ভয়৷ কাৰণ সন্মুখত স্বয়ং স্বাস্থীমন্ত্ৰী৷ নিজৰ নিয়ম নিজেই ভংগ কৰিলে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই৷ সাধাৰণ ৰাইজে SOP ভংগ কৰিলে বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ স্বয়ং স্বাস্থ্যমন্ত্ৰীৰ৷ পিছে…, নিজৰ গৃহ জিলা নগাঁৱতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাই দেওবাৰে ভংগ কৰিলে ক’ভিডৰ চৰকাৰী নিৰ্দেশনা৷

দেওবাৰে নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত প্ৰায় ৩ শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰা কাৰ্যসুচীত সমবেত হৈ ভংগ কৰিলে ক’ভিডৰ প্ৰট’কল৷ মুখন নাই মাস্ক, নাই সমাজাকি দূৰত্ব৷ কিছুদিন পূৰ্বে যিকোনো ৰাজহুৱা সভাত কেৱল ২০০জন মানুহৰ সমাগমৰহে নিৰ্দেশ দিছিল স্বয়ং স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ কিন্তু এই নিৰ্দেশৰ পিছতেই দেওবাৰে অনুষ্ঠিত সভাত প্ৰায় তিনি শতাধিক লোকৰ সমাগমৰ মাজত এইদৰে দেখা গ’ল ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰীক৷

আনহাতে মুখত মাস্ক নোহোৱাকৈয়ে স্বাস্থ্যমন্ত্ৰীৰ কাষত উপবিষ্ট হ’ল ৰহাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিষ্ণু দাসো৷ ক’ভিডৰ তৃতীয় ঢৌৰ আশংকাৰ সময়তে স্বয়ং স্বাস্থ্যমন্ত্ৰীয়ে ক’ভিড প্ৰ’টকল ভংগ কৰি সভা অনুষ্ঠিত কৰাক লৈ এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷

Leave A Reply

Your email address will not be published.