danewsplus.com
danewsplus.com

ৰাজ্যত এতিয়াও অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ

0 150

ডিজিটেল ডেক্সঃ ৰাজ্যত এতিয়াও অব্যাহত আছে অতিমাৰী ক’ভিডৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৫৬২ জন লোক।

নতুনকৈ আক্ৰান্তসকলৰ ক্ষেত্ৰত জনপ্ৰথম স্থানত আছে কামৰূপ মেট্ৰ’ । কামৰূপ মেট্ৰত নতুনকৈ আক্ৰান্ত ১১৫ জন, গোলাঘাটত ৪৮, যোৰহাটত ৩৩ , আৰু মৰিগাঁৱত ৩২ জন,

যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় গোলাঘাট জিলাৰ ২ জন। যোৰহাটৰ ২ জন , কামৰূপ মেট্ৰৰ ২ জন। আনহাতে বৰপেটা, কাছাৰ, লখিমপুৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত এজনকৈ লোকৰ মৃত্যু হয়।
ৰাজ্যত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৫,৮৬,৯৪০ জনলৈ বৃদ্ধি পাইছে।
ইফালে,বৃহস্পতি বাৰৰ দিনটোলৈকে ৰাজ্যত মহামাৰীৰ কবলৰ পৰা সুস্থতা লাভ কৰা লোকৰ সংখ্যা হৈছে গৈ ৫,৭৩,৫৪১ ।

Leave A Reply

Your email address will not be published.